ভূটানৰ পাহাৰৰ পৰা বৈ অহা নদীৰ পানী বোৱাই নি অসমৰ ভূমিত খোৱাপানীৰ প্ৰকল্প স্থাপনৰ বাবে দেওবাৰে ভূটান চৰকাৰৰ পৰা NOC বিচাৰি ভূটানৰ চামদ্ৰুপঝংখাৰ জিলা প্ৰশাসনৰ ওচৰত আবেদন দাখিল কৰে বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে৷ ইয়াৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত উপস্থিত হয় অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী ৷
ভূটান ৰাষ্ট্ৰৰ চামদ্ৰুপঝংখাৰৰ হোটেল মাউটেইনত চামদ্ৰুপঝংখাৰ জিলা উপায়ুক্ত তথা ভাৰত-ভূটান মৈত্ৰী সংস্থাৰ বিষয়ববীয়াৰ লগত আলোচনাত মিলিত হয় বিধানসভাৰ অধ্যক্ষ দৈমাৰীয়ে ৷
উল্লেখ্য যে ভূটানৰ নদীৰ পানীৰে ওদালগুৰি জিলাৰ পানেৰী সমষ্টিত খোৱাপানীৰ বৃহৎ প্ৰকল্প স্থাপন কৰিব অসম চৰকাৰে ৷ চুবুৰীয়া ভূটানৰ চামৰাঙৰ পৰা ওদালগুৰি জিলাৰ পানেৰী বিধানসভা সমষ্টিৰ নোনাই নদীত জলজীৱন আঁচনিৰ অধীনত ১৭৫ কোটি টকীয়া 'ননৈ মাল্টি ভিলেজ পাইপ ৱাটাৰ ছাপ্লাই স্কিম' স্থাপন কৰিব অসম চৰকাৰে ৷
বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ গৃহ সমষ্টি পানেৰীৰ উত্তৰাঞ্চলৰ প্ৰায় ডেৰ লক্ষাধিক লোকলৈ বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে গ্ৰহণ কৰিছে এই আঁচনি ৷ ভূটানৰ ভিতৰৰ পৰা কেইবাকিলোমিটাৰ বৃহৎ পাইপেৰে পানী বোৱাই আনি দুটা পৰ্যায়ত পানী বিশুদ্ধ কৰি বিদ্যুত্ ব্যৱহাৰ নকৰি পোনপটীয়াকৈ মানুহৰ ঘৰে ঘৰে যোগান ধৰা হ'ব খোৱাপানী ৷
পৰবৰ্তী পৰ্যায়ত বিটিআৰৰ ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহতো এনেধৰণৰ প্ৰকল্প গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে বিশ্বজিত দৈমাৰীয়ে ৷ ভূটান কৰ্তৃপক্ষৰ সৈতে হোৱা আলোচনাৰ শেষত বিশ্বজিত দৈমাৰীয়ে অহা ১ এপ্ৰিলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই আঁচনি আনুষ্ঠানিকভাৱে মুকলি কৰিব বুলি জানিবলৈ দিয়ে ৷ এই আলোচনাত ভূটানৰ চানদ্ৰুপঝংখাৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত দাচো প্ৰেমা দৰ্জী, বিফাৰ সদস্য চিৰিং নামগেলৰ লগতে অসম বিধানসভাৰ অধ্যক্ষগৰাকী তথা তামুলপুৰ সমষ্টিৰ বিধায়ক জদলেন দৈমাৰী, বিটিচিৰ এম চি এল এ বিজিত গৌড়া নাৰ্জাৰীৰ উপৰি কেইবাগৰাকী বিষয়া উপস্থিত আছিল ৷
Published by: Gautam Barman
FIRST PUBLISHED : March 20, 2023, 15:49 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।