গ্ৰামাঞ্চলত আঁচনিসমূহৰ সঠিক ৰূপায়ণৰ তদাৰকী কৰাৰ লগতে আত্মসহায়ক গোটসমূহক বিভিন্ন কামত সহায় কৰি কামৰ গতি ক্ষিপ্ৰ কৰি তোলাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে।
ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান (Assam State Rural Livelihoods Mission) যোৰহাটৰ দ্বাৰা জিলাখনৰ ২৪৮গৰাকী ব্যক্তিক সেই উদ্দেশ্যে সমুহীয়াকৈ একোখনকৈ স্কুটি প্ৰদান কৰা হৈছে । সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত গ্ৰামাঞ্চলৰ তৃণমূল পৰ্যায়ত কাম কৰি অহা মহিলাসকলক বিভিন্ন ক্ষেত্ৰত দ্ৰুতভাৱে সহায় কৰি দিবলৈ এইসকল সখীক স্কুটি প্ৰদান কৰা হৈছে ।
গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ উদ্দেশ্যে গাঁওসমূহত কাম কৰি অহা আত্মসহায়ক গোটসমূহক বিভিন্ন ক্ষেত্ৰত সহায় কৰাৰ লগতে গাঁওসমূহত চৰকাৰী আঁচনিসমূহৰ সঠিক ৰূপায়ণৰ বুজ লোৱাৰ ক্ষেত্ৰতো এই সখীসকলক নিয়োগ কৰা হৈছে।
জীৱিকা সখী, বীমা সখী, পশু সখীকে ধৰি বিভিন্ন ক্ষেত্ৰৰ সখীসকলে তেওঁলোকৰ নিজ নিজ ক্ষেত্ৰত দ্ৰতভাৱে যাতে গ্ৰামাঞ্চলত সেৱা আগবঢ়াব পাৰে তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । দেওবাৰে যোৰহাটত অনুষ্ঠিত এই অনুষ্ঠানত সাংসাদদ্বয় তপন গগৈ আৰু কামাখ্যা প্ৰসাদ তাছাকে ধৰি জিলা উপায়ুক্ত আৰু শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।
"চৰকাৰৰ এই আঁচনিৰ উদ্দেশ্য হৈছে গ্ৰামাঞ্চলত কাম কৰি থকা আত্মসহায়ক গোটসমূহক কামসমূহ দ্ৰুতভাৱে কৰাত সহায় কৰা। গ্ৰামাঞ্চলত ৰূপায়ণ হৈ থকা চৰকাৰী আঁচনিসমূহৰ সঠিক ৰূপায়ণৰ ওপৰতো বিভিন্ন ক্ষেত্ৰৰ সখীসকলে দৃষ্টি ৰাখিব।" যোৰহাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰণৱ কুমাৰ বৰাই এনেদৰে কয়।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|