• Home
  • »
  • News
  • »
  • assam
  • »
  • Train School in Assam : ৰে'লগাড়ী বুলি ভুল নকৰিব ! এইখন অসমৰ এখন বিদ্যালয়হে- 'দলৈতোলা এক্সপ্ৰেছ'

Train School in Assam : ৰে'লগাড়ী বুলি ভুল নকৰিব ! এইখন অসমৰ এখন বিদ্যালয়হে- 'দলৈতোলা এক্সপ্ৰেছ'

দলৈতোলা এক্সপ্ৰেছ (ফটো সৌজন্য-নিশিথ কুমাৰ দাস)

দলৈতোলা এক্সপ্ৰেছ (ফটো সৌজন্য-নিশিথ কুমাৰ দাস)

Train School in Assam : হাজো শিক্ষা খণ্ডৰ অধীনত শনিয়াদিত আছে এই অভিনৱ বিদ্যালয়খন ৷ গুৱাহাটীৰ পৰা প্ৰায় ১ ঘণ্টা মানৰ বাট গৈ কলিতাকুছি পাৰ হৈয়ে পাব বিদ্যালয়খন ৷

  • Share this:
অসমৰ চৰকাৰী বিদ্যালয়বোৰৰ (Govt School) নাম শুনিলেই সকলো উচপ খাই উঠে, যেন বিদ্যালয় নহয় যোমৰ ঘৰহে। তাৰ এটা কাৰণ থাকে বিদ্যালয়ৰ আন্তগাঁথনি। কিন্তু এনে কিছুমান বিদ্যালয় আছে যি নিজৰ গৰিমাৰে মহিয়ান।


আজিৰ বাতৰিৰ বিষয় বস্তু হৈছে 'দলৈতোলা এক্সপ্ৰেছ'। দেখাত এইখন ৰে'লগাড়ী যেন লাগিলেও ভুল নকৰিব, এইখন ৰে'লগাড়ী নহয়। এইখন স্বাধীনতাৰো পূৰ্বে ১৯৪৬ চনতে স্থাপিত এখন চৰকাৰী বিদ্যালয়হ ৷ বিদ্যালয়খনৰ নাম ৭৩৭ নং দলৈতোলা প্ৰাথমিক বিদ্যালয় ৷ বৰপেটা-গুৱাহাটী পথত আছে এই সুন্দৰ বিদ্যালয়খন।




দলৈতোলা প্ৰাথমিক বিদ্যালয়




হাজো (Hajo) শিক্ষা খণ্ডৰ অধীনত শনিয়াদিত আছে এই অভিনৱ বিদ্যালয়খন ৷ গুৱাহাটী (Guwahati)ৰ পৰা প্ৰায় ১ ঘণ্টা মানৰ বাট গৈ কলিতাকুছি পাৰ হৈয়ে পাব বিদ্যালয়খন ৷ এনে সুন্দৰ শিক্ষানুষ্ঠানখন দেখিলেই বাটৰুৱাইও ৰৈ ৰৈ চাই যায়। ভাৰতীয় ৰে'ল (Indian Railways)ৰ আৰ্হিত নিৰ্মাণ কৰা বাবে বিদ্যালয়খনকো দলৈতোলা এক্সপ্ৰেছ নাম দি লৈছে কৰ্তৃপক্ষই।




দলৈতোলা এক্সপ্ৰেছ



 বিদ্যালয়খনৰ ছবি ছচিয়েল মিডিয়ত বিয়পি পৰিছে। এনে সুন্দৰকৈ বিদ্যালয়খনৰ সজাই তোলা বাবে এই কামৰ সৈতে জড়িতসকলৰ সৃষ্টিশীল মানসিকতাৰ শলাগ লৈছে বহুজনে ৷
Published by:Manjumoni Borah
First published: