মুখ্যপৃষ্ঠা »খবৰ »অসম »মুকালমুৱাত চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ দীঘলীয়া শাৰী

মুকালমুৱাত চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ দীঘলীয়া শাৰী

নামভৰ্তিৰ বাবে চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ দীঘলীয়া শাৰী

নামভৰ্তিৰ বাবে চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ দীঘলীয়া শাৰী

নলবাৰী জিলাৰ মুকালমুৱাৰ এখন চৰকাৰী বিদ্যালয়ত ব্যতিক্ৰমী দৃশ্য। অঞ্চলটোৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীও এই চৰকাৰী বিদ্যালয়খনত নামভৰ্তিৰ বাবে ঢাপলি মেলিছে।

  • Share this:
নলবাৰী, ২৬ মাৰ্চ: যিটো সময়ত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দৌৰাত্মত চৰকাৰী বিদ্যালয়লৈ ভাবুকি আহি পৰিছে ঠিক সেই সময়তে নলবাৰীৰ মুকালমুৱাৰ এখন চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে দীঘলীয়া শাৰি পতা পৰিলক্ষিত হৈছে ৷

মুকালমুৱাৰ কান্ধবাৰী হাইস্কুলত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বিদ্যালয়খনৰ ষষ্ঠ শ্ৰেণীত নামভৰ্তিৰ বাবে পুৱাৰে পৰা বিদ্যালয়ত দীঘলীয়া শাৰী পাতিছে অঞ্চলটোৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ৷

বিদ্যালয়খনত ষষ্ঠ শ্ৰেণীত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মাজত সাক্ষাৎকাৰ অনুষ্ঠিত কৰিব লগা হৈছে বিদ্যালয় কৰ্তৃপক্ষই ৷ সৰ্বাধিক পঞ্চাশখন আসনৰ বাবে অনুষ্ঠিত হোৱা সাক্ষাৎকাৰত দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে আবেদন কৰে ৷ আবেদনকাৰী ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা হৈছে সাক্ষাৎকাৰ।

চৰকাৰী খণ্ডৰ বিদ্যালয়ত এইদৰে শাৰী পাতি নামভৰ্তিৰ বাবে অপেক্ষা কৰিছে শতাধিক ছাত্ৰ ছাত্ৰীয়ে। ইফালে জানিব পৰা অনুসৰি অঞ্চলটোৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীও চৰকাৰী বিদ্যালয়খনত নামভৰ্তিৰ বাবে ঢাপলি মেলিছে ৷ চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে এনেদৰে ছাত্ৰ-ছাত্ৰীয়ে ঢাপলি মেলাত নিশ্চিতভাবে চৰকাৰী বিদ্যালয়ৰ বাবে ই এক ইতিবাচক খবৰ বুলি বিবেচিত হৈছে ৷

শেহতীয়া বাতৰি