তিনি কন্যা সন্তান আৰু পত্নীক লৈ ৰত্নেশ্বৰ বড়ি নামৰ এজন লোকে দুই বছৰ কটাইছে এঘৰ লোকৰ ভঁৰালৰ তলত।
তিনি কন্যা সন্তান আৰু পত্নীক লৈ ৰত্নেশ্বৰ বড়ি নামৰ এজন লোকে দুই বছৰ কটাইছে এঘৰ লোকৰ ভঁৰালৰ তলত।
ৰাজ্যত বিকাশ হোৱা বুলি চৰকাৰ তথা নেতা মন্ত্ৰীয়ে সততে দাবী কৰি আহিছে। অলেখ আঁচনিৰে চৰকাৰে দৰিদ্ৰসকলৰ দুখ দূৰ কৰাৰ দাবীও কৰে। হিতাধিকাৰীৰ সংখ্যাই অভিলেখ সৃষ্টি কৰিছে আৰু বহুলোক উপকৃতও হৈছে। কিন্তু ইমানৰ মাজতো যেন ক'ৰবাত এটা খালী ঠাই ৰৈ গৈছে ! উপেক্ষিত হৈ ৰৈছে যিসকল লোকক চৰকাৰী আঁচনিৰ অতিকে প্ৰয়োজন তেনে বহু লোক। বোকাখাট সমষ্টিৰ তেনে এটি পৰিয়ালেই বঞ্চিত হৈ ৰৈছে সকলো আঁচনিৰ পৰা।
তিনি কন্যা সন্তান বুকুত লৈ আনৰ ঘৰৰ ভঁৰালৰ তলত জীৱন নিৰ্বাহ কৰা দম্পতীৰ জীৱনৰ কৰুণ গাঁথা। নিজ ঘৰ-বাৰী খহনীয়াত জাহ যোৱা পিছত দুবছৰে প্ৰায় ৫ ফুট আহল-বহল ঠাইত ভঁৰালৰ তলত বাস কৰা পৰিয়ালটোৰ অৱস্থা দেখিলে আপোনাৰো চকু সেমেকি উঠিব।
বোকাখাট বিধান সভা সমষ্টিৰ মহুৰা মৌজাৰ বৰটীকা অঞ্চলৰ এই দুৰ্ভগীয়া পৰিয়ালটো। তিনি কন্যা সন্তান আৰু পত্নীক লৈ ৰত্নেশ্বৰ বড়ি নামৰ এজন লোকে দুই বছৰ কটাইছে এঘৰ লোকৰ ভঁৰালৰ তলত। অথচ আজিলৈ কোনো চৰকাৰী আচঁনিয়ে ঢুকি পোৱা নাই পৰিয়াল টোক।
ইফালে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা পৰিয়ালটোত আছে এজনী অন্ধ কন্যা। আৰ্থিক দৈন্যৰ ফলত সৰুতে চকুৰ অসুখ হোৱাত কোনো চিকিৎসা নকৰাত ক্ৰমাৎ অন্ধ হৈ পৰে ছোৱালী জনী। অন্ধ হ'লেও ছোৱালীজনীৰ শুৱলা কণ্ঠইহে যেন জীপাল কৰি ৰাখিছে ভঙা পজাটো।
বোকাখাট সমষ্টিৰ বিধায়ক অতুল বৰা ৰাজ্য চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰী। পৰিয়ালটোৰ আশা এই বাতৰি দেখি হয়তো তেওঁ কৰিব পাৰে কিছু সহায়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|