তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে গুৱাহাটীত চৰকাৰী মাটিৰ অভাৱ, কলাক্ষেত্ৰৰ ওচৰত ব্যক্তিগত মাটি আগবঢ়ালে ডবকাৰ ৰেহানউদ্দিনে

News18 Assam | News18-Assam
Updated:November 24, 2020, 6:12 PM IST
তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে গুৱাহাটীত চৰকাৰী মাটিৰ অভাৱ, কলাক্ষেত্ৰৰ ওচৰত ব্যক্তিগত মাটি আগবঢ়ালে ডবকাৰ ৰেহানউদ্দিনে
তৰুণ গগৈৰ নশ্বৰ দেহ লৈ যোৱা অৱস্থাত

চৰকাৰে গুৱাহাটীত মাটি দিবলৈ অপাৰগ হোৱাৰ সময়তে কলাক্ষেত্ৰত কাষত নিজা মাটি আগবঢ়াইছে ডবকাৰ ৰেহানউদ্দিনে। প্ৰাক্তন মুখ্যমন্ত্ৰীজন প্ৰতি থকা শ্ৰদ্ধা–সন্মানৰ কাৰণে অন্ত্যেষ্টিক্ৰিয়াৰ বাবে এই ভূমি আগবঢ়াইছে তেওঁ।

  • Share this:
ক’ত সম্পন্ন হ’ব অসমৰ সৰ্বাধিক সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়া? ঠাই নিৰ্ধাৰণ কৰাৰ লৈ এতিয়াও অহা ঠিৰাং সিদ্ধান্ত। প্ৰদেশ কংগ্ৰেছৰ দাবী, চৰকাৰে গুৱাহাটীত এডোখৰ চৰকাৰী মাটি দিয়ক য’ত বৰ্ষীয়ান ৰাজনীতিকজনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ লগতে গগৈৰ জন্মৰ পৰা মৃত্যুলৈ সমগ্ৰ জীৱন অধ্যয়ন কৰিব পৰাকৈ এটা সংগ্ৰহালয় সাজু কৰিব পৰা যায়।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই সংবাদমাধ্যমৰ আগত চৰকাৰে মাটি প্ৰদান কৰাক লৈ বিলম্ব কৰাৰ ক্ষেত্ৰত খেদ প্ৰকাশো কৰে। বৰাৰ মতে চৰকাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীজনক সন্মান সহকাৰে এডোখৰ ভূমি গুৱাহাটীত উলিয়াই দিব লাগিছিল। পিছে দাবীৰ পিছতো চৰকাৰে সেউজ সংকেত নাই দিয়া। আজি সন্ধিয়াৰ ভিতৰত যদি চৰকাৰে ভূমি দিব নোৱাৰে তেনেহ’লে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সতে তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়াৰ ব্যৱস্থা কৰিব প্ৰদেশ কংগ্ৰেছে। জনায় ৰিপুণ বৰাই।

ইয়াৰ মাজতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ  অনাৰ লগতে কাইলৈ ৰাতিপুৱাৰ পৰা নিশালৈ সাধাৰণ লোকৰ বাবে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ বাহিৰৰ পৰা অহা লোকসকলৰ কাৰণেও এই ব্যৱস্থা কৰা হৈছে ৷

কাম কাজৰ তদাৰক কৰি থকা হিমন্ত বিশ্ব শৰ্মাই এই প্ৰসংগত উল্লেখ কৰে যে চৰকাৰে মাটি বিচাৰি আছে কিন্তু গুৱাহাটীত মাটি পোৱা নাই ৷ মন্ত্ৰীগৰাকীয়ে প্ৰস্তাৱ দিয়ে যে আমিনগাঁও বা সোণাপুুৰত যদি বিচাৰে তেনেহ’লে মাটিৰ ব্যৱস্থা কৰিব পৰা যাব। শৰ্মাই লগতে আমিনগাওঁত গগৈৰ অন্ত্যেষ্টিক্ৰিয়া কৰিব পাৰিলে নিজৰ ভাল লাগিব বুলিও উল্লেখ কৰে। মন্ত্ৰীজনে কয় যে ইয়াৰ পূৰ্বৰ মুখ্যমন্ত্ৰী যেনে হিতেশ্বৰ শইকীয়াৰ দিনত সমষ্টিত সকলো ব্যৱস্থা কৰা হৈছিল গতিকে এই প্ৰশ্নৰ অৱতাৰণা হোৱা নাছিল। সুধাকণ্ঠৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়তো গুৱাহাটীত মাটি বিচৰাত প্ৰত্যাহ্বান পোৱাৰ কথা উল্লেখ কৰে তেওঁ। গুৱাহাটী বিশ্ববিদ্যালয়ে নিজাববীয়াকৈ আগবঢ়োৱা মাটিত সম্পন্ন কৰা হৈছিল ডঃ হাজৰিকাৰ অন্ত্যেষ্টিক্ৰিয়া। ডঃ ভূপেন হাজৰিকাৰ পিছত তৰুণ গগৈৰ ক্ষেত্ৰত এনে মাটি বিচৰাৰ প্ৰসংগ উদ্ভৱৰ কথা উনুকিয়ায় তেওঁ।

ইফালে চৰকাৰে গুৱাহাটীত মাটি দিবলৈ অপাৰগ হোৱাৰ সময়তে কলাক্ষেত্ৰত কাষত নিজা মাটি আগবঢ়াইছে ডবকাৰ ৰেহানউদ্দিনে। প্ৰাক্তন মুখ্যমন্ত্ৰীজন প্ৰতি থকা শ্ৰদ্ধা–সন্মানৰ কাৰণে অন্ত্যেষ্টিক্ৰিয়াৰ বাবে এই ভূমি আগবঢ়াইছে তেওঁ।

আনহাতে মন্ত্ৰী শৰ্মাৰ প্ৰস্তাৱৰ পিছতে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিক্ৰিয়া আমিনগাওঁৰ ভূমি প্ৰথমে চাব আৰু উপযুক্ত বিবেচিত হ’লেহে সন্মতি দিব।
First published: November 24, 2020, 5:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading