
৩১ গৰাকী মহিলা হিতাধিকাৰীৰ মাজত বিতৰণ কৰা হয় দুই লাখ ৫০ হাজাৰ টকাৰ অনুদানৰ চেক।
৩১ গৰাকী মহিলা হিতাধিকাৰীৰ মাজত বিতৰণ কৰা হয় দুই লাখ ৫০ হাজাৰ টকাৰ অনুদানৰ চেক।
হোজাই জিলাত কোভিডত স্বামীহাৰা হোৱা মহিলা হিতাধিকাৰীক শনিবাৰে আবেলি প্ৰদান কৰা হয় অনুদান । হোজাই জিলাৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত বিতৰণ কৰা অনুদানৰ চেক ।
জিলা খনৰ ৩১ গৰাকী মহিলা হিতাধিকাৰীৰ মাজত বিতৰণ কৰা হয় দুই লাখ ৫০ হাজাৰ টকাৰ অনুদানৰ চেক। চেক বিতৰণ অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ উপৰি লামডিং আৰু হোজাই সমষ্টিৰ বিধায়কৰ লগতে জিলাৰ প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে ।
উল্লেখযোগ্য যে জিলা উপায়ুক্ত কাৰ্যলয়ৰ সভাগৃহত এক সভাৰ জৰিয়তে হিতাধিকাৰী সকলৰ মাজত অনুদানৰ চেক বিতৰণ কৰা হয়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|