আজি ৰাজ্যৰ পঞ্চদশ বিধানসভাৰ প্ৰশমখন অধিৱেশনৰ দ্বিতীয়টো দিন। অধিৱেশনৰ দ্বিতীয় দিনটোৰ আৰম্ভণিতে ৰাজ্যপালে নিজ ভাষণ পাঠ কৰে। কোনোধৰণৰ হুলস্থূল নকৰাকৈ সকলোৱে শুনে ৰাজ্যপাল জগদীশ মুখীৰ দীঘলীয়া ভাষণ। ৰাজ্যপালগৰাকীয়ে ভাষণত বিগত দিনৰ চৰকাৰৰ এক খতিয়ান দাঙি ধৰাৰ লগতে চৰকাৰে কোভিড ভেকচিন প্ৰদান আৰু অক্সিজেন প্লাণ্ট সঠিক ৰূপত স্থাপনত সক্ষম হৈছে বুলি উল্লেখ কৰে।
তেওঁ ৰাজ্যৰ শান্তি, আইন শৃংখলা অধিক উন্নত হৈছে বুলি উল্লেখ কৰি সন্ত্ৰাসবাসী সংগঠনৰ হাতৰ পৰা সফলভাৱে কেইবাগৰাকীও অপহূত লোকক উদ্ধাৰ কৰাত চৰকাৰ সক্ষম হোৱাৰ বিষয়ে কয়। আনহাতে NRLৰ পৰা চৰকাৰে অধিকাংশ অংশীদ্বাৰিত্ব ক্ৰয় কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে। ৰাজ্যপালে ভাষণ এক গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে। সেয়া হৈছে আলফাৰ সৈতে আলোচনা। এইক্ষেত্ৰত তেওঁ ইতিবাচক দৃষ্টিভংগী পোষণ কৰে।
আনহাতে বিধানসভাত সুস্থ গণতন্ত্ৰ ৰক্ষা কৰাৰ অংগীকাৰ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়– 'বিৰোধীয়ে সদনৰ বিধিমতে সভা স্থগিত প্ৰস্তাৱ আনিব পাৰে৷ আমি সভা স্থগিতৰ প্ৰস্তাৱ আনিলে বুলিয়েই চৰকাৰে ডিফেন্সিফ হ'বলগীয়া কথা নহয়৷ আমি বিৰোধীক কথা কোৱাৰ সুবিধা দিব লাগিব৷ সুস্থ গণতন্ত্ৰ ৰক্ষা আমি কৰিম।'
ইয়াৰ লগতে বিৰোধী কংগ্ৰেছে চৰকাৰক সহযোগ কৰা আশ্বাস দিয়ে। কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনে কয়– 'আমি বিতৰ্ক কৰিম, সমালোচনা কৰিম। ৰাজ্যপালৰ প্ৰতিবেদনৰ ওপৰত সংশোধনী আনিম। কিন্তু পূৰ্বৰ অশুভ পৰম্পৰাৰ পৰিৱৰ্তে আমি ইতিবাচক বাট দেখুৱাম।' এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে আন ৰাজ্যৰ তুলনাত অসমত সদনৰ বছৰেকীয়া কাৰ্যসূচীৰ দিন কম বুলি উল্লেখ কৰি এয়া ৪৫ দিন কৰিবলৈ আহ্বান জনায়।
আনহাতে চাহমেলৰ পিছত ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ আনে প্ৰশান্ত ফুকনে ৷ প্ৰস্তাবত সমৰ্থন জনায় ভুৱন পেগুৱে। ২৪ মে'লৈ সদন স্থগিত ৰখা হয়। অহা ২৪ মে'ৰ তৃতীয়দিনৰ অধিৱেশনত ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ ওপৰত শাসক-বিৰোধীয়ে মন্তব্য ৰাখিব।
উল্লেখ্য, আজি বিধানসভাৰ উপাধ্যক্ষ হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে ডাঃ নোমল মমিনে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|