শনিবাৰে আৰম্ভ কৰা হ'ল ৰাজভৱনক Zero Waste Campusৰূপে গঢ় দিয়াৰ প্ৰকল্পৰ। গান্ধী জয়ন্তী উপলক্ষে আজি উজানবজাৰস্থিত ৰাজভৱনত আয়োজিত এক অনুষ্ঠানত ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে এই প্ৰকল্পৰ শুভাৰম্ভণি কৰে।
জানিব পৰা মতে, The Energy and Resource Institute চমুকৈ TERI নামৰ এক সংস্থাৰ সহযোগত ৰাজভৱনত এই প্ৰকল্প হাতত লোৱা হৈছে। এই প্ৰকল্পৰ শুভাৰম্ভণি কৰি ৰাজ্যপালগৰাকীয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিনটোত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। অনুষ্ঠানটিত অংশ লৈ তেওঁ Zero Waste Campus প্ৰকল্পই গান্ধীজীৰ স্বচ্ছতাৰ সপোন বাস্তৱায়িত কৰাত এক বিশেষ ভূমিকা পালন কৰিব বুলি উল্লেখ কৰে।
নিজৰ জীৱনকালত মহামানৱ মহাত্মা গান্ধীয়ে নিজৰ ব্যক্তিত্বৰ জৰিয়তে স্বতন্ত্ৰতা আন্দোলনত কিদৰে সকলো দিশতে জনসাধাৰণৰ অংশগ্ৰহণ আদায় কৰিবলৈ সক্ষম হৈছিল, সেই কথা অতি শ্ৰদ্ধাৰে সোঁৱৰে। মহামানৱ গান্ধীৰ স্বচ্ছতাৰ সপোনক বাস্তৱ ৰূপ দিবলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা স্বচ্ছ ভাৰত অভিযানৰো তেওঁৰ শলাগ লয়।
উল্লেখ্য যে Zero Waste Campus ৰূপে গঢ় দিয়াৰ আঁচনিত TERIয়ে ৰাজভৱনৰ সকলো জাৱৰ বৈজ্ঞানিক পদ্ধতিৰে নিষ্কাশন কৰিব, যাৰ বাবে সংস্থাটোৱে ৰাজভৱনত দুটাকৈ জাৱৰ নিষ্কাশনৰ যন্ত্ৰ স্থাপন কৰিছে। মন কৰিবলগীয়া কথা যে এই শুভাৰম্ভণি অনুষ্ঠানত ৰাজভৱনৰ কৰ্মচাৰী তথা আৱাসিক এলেকাত বসবাস কৰা আৱাসীকলৰ মাজত দুটাকৈ ডাষ্টবিন বিতৰণ কৰা হয়। আজিৰ এই শুভাৰম্ভণী অনুষ্ঠানত ৰাজ্যপালগৰাকীৰ লগতে তেওঁৰ পত্নীসহ ৰাজভৱনৰ বহু উচ্চপদস্থ বিষয়া তথা TERIৰ কৰ্মচাৰীসকল উপস্থিত থাকে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|