২৬ হাজাৰ চৰকাৰী চাকৰিৰ বাবে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিবলগীয়া পৰীক্ষাক লৈ জাৰি কৰিছে SOP। এই নিৰ্দেশনা মতে পৰীক্ষা অনুষ্ঠিত হৈ থকা সময়ত জিলাকেইখনত বন্ধ থাকিব ইণ্টাৰনেট সেৱা।
ইয়াৰ লগতে কোনো পৰীক্ষাৰ্থীয়ে মোবাইল ফোন নিব নোৱাৰিব, বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে সকলো সুবিধা থাকিব, সকলো গেজেটেড অফিচাৰক নিয়োগ কৰা হ'ব, প্ৰতিটো পৰীক্ষা কেন্দ্ৰত থাকিব শীৰ্ষ আৰক্ষী বিষয়া, কিবা খেলিমেলি হ'লে দায়বদ্ধ হ'ব জিলাৰ উপায়ুক্ত।
সম্পূৰ্ণ মেধাৰ ভিত্তিত নিযুক্তি দিয়াৰ বাবে ৰাজ্য চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰা হৈছে। এনে ব্যৱস্থাৰ দ্বাৰা চৰকাৰৰ ওপৰত নিবনুৱাসকলৰ আস্থা অটুট থাকিব বুলি প্ৰকাশ কৰা হৈছে। উল্লেখ্য, ২১ আৰু ২৮ আগষ্টত ২৬ হাজাৰ চৰকাৰী চাকৰিৰ বাবে চৰকাৰে ৰাজ্যৰ কেইবাখনো জিলাত পৰীক্ষা অনুষ্ঠিত কৰিব।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|