চাহ জনগোষ্ঠীয় ভোটৰ মন জয় কৰাৰ কৌশল! ২ অক্টোবৰত চাহ বাগিচা অঞ্চলত ১১৯ খন হাইস্কুল স্থাপনৰ আধাৰশিলা

চমু চাপি আহিছে ২০২১ চনৰ অসম বিধান সভা নিৰ্বাচনৰ দিন। ফলত এতিয়া তৎপৰ হৈ পৰিছে শাসক বিৰোধী।
চমু চাপি আহিছে ২০২১ চনৰ অসম বিধান সভা নিৰ্বাচনৰ দিন। ফলত এতিয়া তৎপৰ হৈ পৰিছে শাসক বিৰোধী।
- News18 Assam
- Last Updated: August 12, 2020, 6:12 PM IST
- ২ অক্টোবৰত জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিনৰ দিনাই অসমৰ বিভিন্ন চাহ বাগিচাত ১১৯ খন হাইস্কুলৰ আধাৰশিলা স্থাপন কৰিব বুলি সংবাদ মেলত জনাই চাহ মৰ্চাৰ সভাপতি প্ৰহ্লাদ গোৱালাই।
- দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীয়ে দহ হাজাৰ টকাৰ বিশেষ জলপানি লাভ কৰিব বুলিও জানিবলৈ দিয়ে।
- অসমৰ বিভিন্ন চাহ বাগিচা এলেকাত বাট পথ নিৰ্মাণত চৰকাৰে গুৰুত্ব দিয়াৰ লগতে চাহ জনগোষ্ঠীৰ ১০০ গৰাকী নাৰ্ছক চৰকাৰে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে।
- মাংৰী ওৰাংঙৰ নামত সোনাৰীত আৰ্চাৰী একাডেমী স্থাপন কৰিব বিচৰা ৰাজ্য চৰকাৰে অসমৰ বাগিছাত ফুটবল একাডেমীও স্থাপন কৰিব বুলি কয় গোৱালাই।
- চেনীৰাম কুৰ্মীৰ নামত শিল্পী বঁটা মৰোনোত্তৰ ভাৱে পদ্ম কৈৰীক প্ৰদান কৰিব ৰাজ্য চৰকাৰে।
বুধবাৰৰ বাজপেয়ী ভৱনৰ অনুষ্ঠিত হোৱা সংবাদমেলত বিজেপিৰ চাহ মৰ্চাৰ সাধাৰণ সম্পাদক জিতু কিশানো উপস্থিত আছিল।