মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Cabinet Decision: চৰকাৰী কৰ্মচাৰীলৈ হিমন্ত বিশ্ব চৰকাৰৰ এশদিনীয়া পূৰ্তিত কি উপহাৰ?

Cabinet Decision: চৰকাৰী কৰ্মচাৰীলৈ হিমন্ত বিশ্ব চৰকাৰৰ এশদিনীয়া পূৰ্তিত কি উপহাৰ?

News18 Assam | News18-Assam
Updated:August 11, 2021, 9:25 PM IST
Cabinet Decision: চৰকাৰী কৰ্মচাৰীলৈ হিমন্ত বিশ্ব চৰকাৰৰ এশদিনীয়া পূৰ্তিত কি উপহাৰ?
file image

ৰাজ্যখনৰ প্ৰতিটো সমষ্টিৰ পৰা ৫০গৰাকীকৈ যুৱক-যুৱতীক গাড়ীচালনাৰ প্ৰশিক্ষণ প্ৰদান।

  • Share this:

বুধবাৰে আবেলি জনতা ভৱনত অনুষ্ঠিত হয় ড° হিমন্ত  বিশ্ব শৰ্মাৰ ১৪ সংখ্যক কেবিনেট বৈঠক ৷ এই বৈঠকত নিযুক্তি প্ৰক্ৰিয়া আৰু চৰকাৰী চাকৰিয়ালৰ ক্ষেত্ৰত বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷


কেবিনেট বৈঠকৰ পিছত আয়োজন কৰা কেবিনেট ব্ৰিফিঙত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই  উল্লেখ কৰা অনুসৰি–   আজিৰ কেবিনেটত এক লাখ নতুন চাকৰিৰ ভিতৰত স্বাস্থ্য বিভাগৰ টেকনিকেল শাখাৰ চিকিৎসক, নাৰ্চ আৰু টেকনিছিয়ানৰ ৮৮৫৫টা পদত নিযুক্তিৰ সিদ্ধান্ত লোৱা হয় ৷  বাছনিৰ বাবে আবেদন পত্ৰ গ্ৰহণ কৰা হ'ব ৷ নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰস্তুতি ছেপ্টেম্বৰ মাহত আৰম্ভ হ'ব ৷


–ক’ভিড অতিমাৰীৰ পৰিপ্ৰেক্ষিতত ২০২০ চনৰ ২০ মাৰ্চৰ আগতে ছুটীত থকা যিসকল কৰ্মচাৰী কৰ্মস্থলীৰ বাহিৰত থকাৰ বাবে কৰ্তব্যত অনুপস্থিত আছিল, তেওঁলোকৰ সেই  অনুপস্থিতিৰ কালছোৱা নিয়মীয়াকৰণৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷



–নিবনুৱা সমস্যা সমাধানৰ দিশত এক পদক্ষেপ হিচাপে পৰিবহণ আৰু দক্ষতা উন্নয়ন বিভাগৰ যৌথ উদ্যোগত ৰাজ্যখনৰ প্ৰতিটো সমষ্টিৰ পৰা ৫০গৰাকীকৈ যুৱক-যুৱতীক গাড়ীচালনাৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত লয়৷ ৰাজ্যখনৰ সৰ্বমুঠ ৬৬০০ গৰাকী যুৱক-যুৱতীক এই ৪৫ দিনীয়া প্ৰশিক্ষণৰ অন্তত চৰকাৰে গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব৷ তদুপৰি প্ৰশিক্ষণৰ অন্তত তেওঁলোকে বাণিজ্যিক যাত্ৰীবাহী বাহন ক্ৰয় কৰিব বিচাৰিলে চৰকাৰে ১ লাখ টকাৰ ৰাজসাহায্য প্ৰদান কৰিব৷


 –ৰাজ্যখনৰ অনুসূচিত জনজাতিৰ এক উপজাতি হিচাপে তালিকাত থকা ‘লালুং’ শব্দটোৰ স্থানত ‘তিৱা’ শব্দটো ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰে ভাৰত চৰকাৰক অনুৰোধ জনাব বুলি আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷


–কেবিনেট ব্ৰিফিঙত অংশ লৈ বিত্তমন্ত্ৰী অজন্তা নেওগে কয়- "এক লাখ নতুন চাকৰি নিযুক্তিৰ ভিতৰত স্বাস্থ্য, শিক্ষা আৰু গৃহ বিভাগত মুঠ ৫২,৫০০ টা পদত নিযুক্তি দিয়াৰ সিদ্ধান্ত আজিলৈকে হ'ল ৷ লগতে অহা ২০ আগষ্টত আমাৰ চৰকাৰৰ ১০০ দিন সম্পৰ্ক হ'ব ৷ ইয়াৰ বাবে আমাৰ চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ উপহাৰ দিয়াৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত লয় ৷ এই হিচাপত চৰকাৰী কৰ্মচাৰীসকলৰ DR Earnest আৰু DR বৃদ্ধি কৰাৰ সিদ্ধান্ত কেবিনেটৰ ৷ ১৭% বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হয় ৷ ইয়াৰ বাবে আমাক বছৰত ১৭শ কোটিৰ প্ৰয়োজন হ'ব ৷ কৰ্মচাৰীসকলে ১১% পাই আছিল ৷ এতিয়া ১৭% বৃদ্ধি কৰাত ২৮% পাব ৷”

Published by: Gautam Barman
First published: August 11, 2021, 9:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি