শীঘ্ৰে পূৰণ কৰা হ’ব মহাবিদ্যালয়ত খালী হৈ থকা শিক্ষকৰ লগতে অন্যান্য পদ, নতুনকৈ নিৰ্মাণ হ’ব ১১৯ খন হাইস্কুল

News18 Assam | News18-Assam
Updated:August 1, 2020, 1:22 PM IST
শীঘ্ৰে পূৰণ কৰা হ’ব মহাবিদ্যালয়ত খালী হৈ থকা শিক্ষকৰ লগতে অন্যান্য পদ, নতুনকৈ নিৰ্মাণ হ’ব ১১৯ খন হাইস্কুল
শণিবাৰে সংবাদমেল সম্বোধন কৰি শিক্ষা বিভাগৰ বহু কেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শণিবাৰে সংবাদমেল সম্বোধন কৰি শিক্ষা বিভাগৰ বহু কেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:
শণিবাৰে সংবাদমেল সম্বোধন কৰি শিক্ষা বিভাগৰ বহু কেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শীঘ্ৰে ৰাজ্যৰ বিভিন্ন মহাবিদ্যায়ত খালী হৈ থকা শিক্ষকৰ লগতে অন্যান্য পূৰণ কৰা হ’ব। বিভিন্ন মহাবিদ্যালয়ত নিযুক্তি দিয়া হ’ব ২৪০ গৰাকী অধ্যাপকক। আনহাতে ৮০ জন তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি দিয়া হ'ব। ৭ দিনৰ ভিতৰত বিজ্ঞাপন দিবলৈ পৰিচালনা সমিতিক নিৰ্দেশ দিয়া হৈছে।  সংবাদ মেলত এই কথা জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইফালে ১৫ আগষ্টত ৩৫৫খন প্ৰদেশীকৃত বিদ্যালয়ৰ তালিকা প্ৰকাশ পাব। তাৰে ভিতৰত
১৯৭খন হাইস্কুল, ৯খন উচ্চতৰ মাধ্যমিক, ১৪৯খন জুনিয়ৰ কলেজ। আনহাতে শেহতীয়াকৈ হাইস্কুল টেট উত্তীৰ্ণ সকলক মন্ত্ৰীয়ে দিলে ভাল খবৰ। ৰাজ্যৰ চাহ বাগিছাসমূহত নতুনকৈ ১১৯খন হাইস্কুল নিৰ্মাণ কৰা হ'ব। ২ অক্টোবৰত একেলগে আৰম্ভ হ'ব নিৰ্মাণ কাৰ্য। ইয়াত ধাৰ্য কৰা হৈছে ১ কোটি ১৯ লাখ টকাৰ পুঁজি ।
Published by: Himangshu Bhuyan
First published: August 1, 2020, 1:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading