তিনি মাহৰ ভিতৰত প্ৰস্তুত হ’ব নাগৰিকত্ব সংশোধনী আইনৰ বিধি! কি সিদ্ধান্ত ল’ব CAA বিৰোধীয়ে?

News18 Assam | News18-Assam
Updated:August 2, 2020, 7:56 PM IST
তিনি মাহৰ ভিতৰত প্ৰস্তুত হ’ব নাগৰিকত্ব সংশোধনী আইনৰ বিধি! কি সিদ্ধান্ত ল’ব CAA বিৰোধীয়ে?
আকৌ লাহে লাহে আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। কিন্তু তাৰ মাজতে কেন্দ্ৰাীয় চৰকাৰ সাজু হৈছে বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিধি প্ৰস্তুতৰ বাবে।

আকৌ লাহে লাহে আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। কিন্তু তাৰ মাজতে কেন্দ্ৰাীয় চৰকাৰ সাজু হৈছে বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিধি প্ৰস্তুতৰ বাবে।

  • Share this:
আকৌ লাহে লাহে আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। কিন্তু তাৰ মাজতে কেন্দ্ৰাীয় চৰকাৰ সাজু হৈছে বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিধি প্ৰস্তুতৰ বাবে।  কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিধি প্ৰস্তুত কৰিবলৈ ‘Parliamentary Standing Committee on Subordinate Legislation’ৰ পৰা তিনি মাহৰ অতিৰিক্ত সময় বিচাৰিছে।

‘প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়া’ই প্ৰকাশ কৰা বাতৰি অনুযায়ী বিধেয়কখন উভয় সদনত গৃহীত হোৱাৰ পাছত ৰাষ্ট্ৰপতিৰ অনুমোদনৰ ৬ মাহৰ ভিতৰত বিধি প্ৰস্তুত কৰিব লাগে। CAAৰ বেলিকা যোৱা জুন মাহতে ৬ মাহৰ সময়সীমা উকলি যোৱাত পুনৰ গৃহ মন্ত্ৰণালয়ে তিনি মাহৰ অতিৰিক্ত সময় বিচাৰিছে।

উল্লেখযোগ্য যে, এখন নতুন আইন কাৰ্যকৰী কৰিবলৈ প্ৰয়োজনীয় নীতি-নিয়ম সমূহ সংশ্লিষ্ট মন্ত্ৰণালয়ে ‘Parliamentary Standing Committee on Subordinate Legislation’ৰ তত্বাৱধানত প্ৰস্তুত কৰে। CAA কাৰ্যকৰী কৰিবলৈ নীতি-নিয়ম প্ৰস্তুত কৰাৰ কাম গৃহ মন্ত্ৰণালয়ৰ।
Published by: Himangshu Bhuyan
First published: August 2, 2020, 7:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading