• Home
  • »
  • News
  • »
  • assam
  • »
  • PM Kisan Yojana: চৰকাৰে দেৱালীৰ আগে আগে কৃষকক দিব আকৰ্ষণীয় উপহাৰ, কিমানলৈ বৃদ্ধি হ'ব কিস্তিৰ ধন, সবিশেষ জানক

PM Kisan Yojana: চৰকাৰে দেৱালীৰ আগে আগে কৃষকক দিব আকৰ্ষণীয় উপহাৰ, কিমানলৈ বৃদ্ধি হ'ব কিস্তিৰ ধন, সবিশেষ জানক

কেন্দ্ৰই ভাৰতৰ ১১.৩৭ কোটি কৃষকলৈ ১.৫৮ লাখ কোটি টকা স্থানান্তৰ কৰিছে।

কেন্দ্ৰই ভাৰতৰ ১১.৩৭ কোটি কৃষকলৈ ১.৫৮ লাখ কোটি টকা স্থানান্তৰ কৰিছে।

কেন্দ্ৰই ভাৰতৰ ১১.৩৭ কোটি কৃষকলৈ ১.৫৮ লাখ কোটি টকা স্থানান্তৰ কৰিছে।

  • Share this:

কৃষকসকলৰ বাবে ভাল খবৰ আহি আছে। দেৱালীৰ পৰা মোদী চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ (PM kisan Samman Nidhi) পৰিমাণ দুগুণ কৰিব পাৰে। এনে হ'লে কৃষকসকলে বছৰি ৬০০০ টকাৰ পৰিৱৰ্তে ১২০০০ টকা লাভ কৰিব। যদি এনে হয়, আপোনাৰ ২০০০ টকাৰ কিস্তিও (PM kisan installment) ৪০০০ টকালৈ বৃদ্ধি হ'ব। সূত্ৰ অনুসৰি, মোদী চৰকাৰে (Modi govt) দেৱালীলৈ (Diwali 2021) এই ঘোষণা কৰিব পাৰে।
বিহাৰৰ কৃষিমন্ত্ৰী অমৰেন্দ্ৰ প্ৰতাপ সিঙে কিছুদিন পূৰ্বে দিল্লীত কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰাৰ পিছৰে পৰা প্ৰধানমন্ত্ৰী কিষাণ (PM KISAN)ৰ পৰিমাণ দুগুণ হোৱাৰ বিষয়ে জল্পনা-কল্পনা চলি আছে আৰু এই বিষয়ে সংবাদ মাধ্যমক কয় যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ পৰিমাণ দুগুণ হ'বলৈ গৈ আছে। চৰকাৰে ইয়াৰ বাবে সকলো প্ৰস্তুতি চলাইছে।


এই দিনত পাব দশম কিস্তিৰ ধন


প্ৰধানমন্ত্ৰী কিষাণ (PM Kisan Samman Nidhi Yojana) আঁচনিৰ হিতাধিকাৰীসকলেও শীঘ্ৰেই দশম কিস্তি লাভ কৰিব পাৰে। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, চৰকাৰে আঁচনিখনৰ অধীনত দশম কিস্তি মুকলি কৰাৰ তাৰিখ নিৰ্ধাৰণ কৰিছে। কিস্তি স্থানান্তৰৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা কৰা হৈছে।


এতিয়ালৈকে, কেন্দ্ৰই ভাৰতৰ ১১.৩৭ কোটি কৃষকলৈ ১.৫৮ লাখ কোটি টকা স্থানান্তৰ কৰিছে। কেন্দ্ৰীয় চৰকাৰে ২০২১ চনৰ ১৫ ডিচেম্বৰৰ ভিতৰত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ দশম কিস্তি মুকলি কৰাৰ পৰিকল্পনা কৰিছে। চৰকাৰে যোৱা বছৰ ২৫ ডিচেম্বৰ, ২০২০ তাৰিখে কৃষকসকললৈ ধন স্থানান্তৰ কৰিছিল।


৩০ অক্টোবৰৰ আগতে পঞ্জীয়ন কৰক


যদি আপুনি পিএম কিষাণৰ অন্তিম কিস্তি লাভ কৰা নাই, আপুনি পৰৱৰ্তী কিস্তিৰ সৈতে পূৰ্বৱৰ্তী পৰিমাণটো পাব। অৰ্থাৎ কৃষকসকলক তেওঁলোকৰ একাউণ্টত পোনপটীয়াকৈ সোমাব ৪০০০ টকা, পঞ্জীয়নৰ অন্তিম তাৰিখ হৈছে ৩০ অক্টোবৰ। পঞ্জীয়নৰ বাবে পি এম কিষাণৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব আৰু আবেদন কৰিব লাগিব। উল্লেখ্য, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা ২০১৮ চনত আৰম্ভ কৰা হৈছে। আঁচনিখনৰ উদ্দেশ্য হৈছে ২০২২ চনৰ ভিতৰত কৃষকসকলৰ উপাৰ্জন দুগুণ কৰা৷

Published by:Gautam Barman
First published: