২৪ ঘণ্টাৰ ভিতৰত নবীকৰণ লাইচেঞ্চ লাভ কৰিব গ্ৰাহকেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
২৪ ঘণ্টাৰ ভিতৰত নবীকৰণ লাইচেঞ্চ লাভ কৰিব গ্ৰাহকেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
কোৰোণাৰ ভয়াৱহ দিনৰ অন্তত পৰিস্থিতি কিছু ্স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ পিছত এতিয়া চৌদিশে ব্যাপক হাৰত হৈছে মূল্যবৃদ্ধি। বজাৰলৈ গ'লেই মূল ঘূৰাইছে সাধাৰণ গ্ৰাহকৰ। পেট্ৰ'ল-ডিজেলৰ দামে ১১০ টকাৰ ঘৰ স্পৰ্শ কৰাৰ উপক্ৰম হোৱাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰো বাঢ়িছে মূল্য।
বজাৰৰ জুই চাই দামত এতিয়া অতিষ্ঠ ৰাজ্যবাসী। ইমানৰ পিছতো শাসকপক্ষৰ মন্ত্ৰী বিধায়কে কৰিছে কেৱল তুলুঙা মন্তব্য। বৃহস্পতিবাৰে অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মূল্যবৃদ্ধিৰ প্ৰসংগত আগবঢ়াছে মন্তব্য।
ৰাজ্য চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ উচিত পদক্ষেপ হাতত লৈছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাইজক মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি- 'কিছুদিন অপেক্ষা কৰক ভাল দিন আহিব।'
ইফালে জনতা ভৱনৰ কামৰ বোজা হ্ৰাস কৰিবলৈও ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ লোৱাৰ কথা জনাইছে মুখ্যমন্ত্ৰী শৰ্মাই। কাইলৈ এই সন্দৰ্ভত সংবাদমেল যোগে সদৰি কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে ৰাজ্যত শেহতীয়াকৈ পুনৰ কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা বুলি ওলোৱা বাতৰিক নস্যাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|