• Home
  • »
  • News
  • »
  • assam
  • »
  • গ্ৰামাঞ্চলত গৃহ নিৰ্মাণৰ বাবদ কৰ দিব লাগিবনে? বিবৃতিযোগে চৰকাৰে স্পষ্ট কৰিলে এই কথা

গ্ৰামাঞ্চলত গৃহ নিৰ্মাণৰ বাবদ কৰ দিব লাগিবনে? বিবৃতিযোগে চৰকাৰে স্পষ্ট কৰিলে এই কথা

গ্ৰামাঞ্চলত গৃহ নিৰ্মাণ কৰাক লৈ পঞ্চায়তৰ অনুমতি তথা কৰ আৰোপক লৈ হৈছিল তুমুল চৰ্চা।

গ্ৰামাঞ্চলত গৃহ নিৰ্মাণ কৰাক লৈ পঞ্চায়তৰ অনুমতি তথা কৰ আৰোপক লৈ হৈছিল তুমুল চৰ্চা।

গ্ৰামাঞ্চলত গৃহ নিৰ্মাণ কৰাক লৈ পঞ্চায়তৰ অনুমতি তথা কৰ আৰোপক লৈ হৈছিল তুমুল চৰ্চা।

  • Share this:

গ্ৰামাঞ্চলত গৃহ নিৰ্মাণ কৰাক লৈ পঞ্চায়তৰ অনুমতি তথা কৰ আৰোপক লৈ হৈ থকা চৰ্চাৰ মাজতে আজি ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হৈছে এই সম্পৰ্কীয় এক স্পষ্টীকৰণ। মুখ্যমন্ত্ৰীৰ জনসম্পৰ্কৰক্ষী কোষৰ ফালৰ পৰা প্ৰেৰণ কৰা বিবৃতিত চৰকাৰে উল্লেখ কৰে যে  গ্ৰামাঞ্চলত গৃহ নিৰ্মাণৰ ক্ষেত্ৰত পঞ্চায়তৰ অনুমতি লোৱা তথা কৰ বা মাচুল আৰোপৰ কোনো সিদ্ধান্ত লোৱা নাই।


 বিবৃতিযোগে ৰাজ্য চৰকাৰে  স্পষ্টকৈ উল্লেখ কৰে– 'এই সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ প্ৰতি ৰাজ্য চৰকাৰৰ দৃষ্টি আকৰ্ষিত হৈছে। গাঁৱৰ জনসাধাৰণলৈ সৰ্বোচ্চ সেৱা আগবঢ়োৱাই হৈছে ৰাজ্য চৰকাৰৰ লক্ষ্য আৰু এইক্ষেত্ৰত উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণৰ মূল আহিলা হৈছে পঞ্চায়ত ব্যৱস্থা। সেয়ে গ্ৰামাঞ্চলত গৃহ নিৰ্মাণৰ ক্ষেত্ৰত পঞ্চায়তৰ অনুমোদন বাধ্যতামূলক কৰা বা কোনো কৰ আৰোপ কৰাৰ বিষয়ে চৰকাৰে বিবেচনা কৰা নাই। ৰাজ্য চৰকাৰে স্পষ্ট কৰি দিব বিচাৰে যে সমগ্ৰ ৰাজ্যৰ লগতে বিশেষকৈ গ্ৰামাঞ্চলৰ উন্নয়নৰ দিশত বিভিন্ন পদক্ষেপ গ্ৰহণেৰে চৰকাৰে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। এইক্ষেত্ৰত নতুনকৈ কোনো পঞ্চায়তৰ অনুমোদনৰ ব্যৱস্থা বা কৰ আৰোপৰ কথা চৰকাৰে চিন্তা কৰা নাই।'

Published by:Gautam Barman
First published: