সোমবাৰে গোৱালপাৰাক ৰাঙলী কৰিবলৈ পৰিকল্পনা কৰা তিনি দুৰ্ধৰ্ষ জেহাদীক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছয়গাওঁ সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদে। গোৱালপাৰাত গ্ৰেপ্তাৰ হোৱা কেইটা যদি ISIS হয়, তেন্তে সিহতক মাৰি পেলাব লাগে বুলি মন্তব্য কৰে বিধায়কজনে। বিধায়ক ৰেকিবুদ্দিনে লগতে কয় যে, ‘ৰাজ্যৰ গৃহ বিভাগে কাঠৰ চশমা পিন্ধি থাকিলে নহ'ব। কঠোৰ হাতেৰে সন্ত্ৰাসবাদীক দমন কৰিব লাগে’।
AIUDF ৰ বিধায়ক হাফিজ ৰচিদ আহমেদ কাচিমিয়েও সমগ্ৰ ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ‘গোৱালপাৰাত ISIS গ্ৰেপ্তাৰ হোৱাটো দুৰ্ভাগ্যজনক। কঠোৰ হাতেৰে দমন কৰিব লাগে এই সন্ত্ৰাসবাদীক।’ কিন্তু নিৰীহক সন্ত্ৰাসবাদীৰ নামত অনাহকত হাৰাশাস্তি কৰিব নালাগে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিধায়কজনে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : November 26, 2019, 15:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।