• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘ঘোষিত অবৈধ বিদেশীক কাৰাগাৰত নাৰাখিব; স্বদেশলৈ প্ৰেৰণ নকৰালৈকে তেওঁলোকক ব্যক্তিগত পৰিসৰত ৰখাৰ ব্যৱস্থাৰ কৰক’

‘ঘোষিত অবৈধ বিদেশীক কাৰাগাৰত নাৰাখিব; স্বদেশলৈ প্ৰেৰণ নকৰালৈকে তেওঁলোকক ব্যক্তিগত পৰিসৰত ৰখাৰ ব্যৱস্থাৰ কৰক’

গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰা অবৈধ বিদেশীক ৰাজ্যৰ কাৰাগাৰ সমূহত নাৰাখিবলৈ নির্দেশ প্ৰদান কৰিছে।

গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰা অবৈধ বিদেশীক ৰাজ্যৰ কাৰাগাৰ সমূহত নাৰাখিবলৈ নির্দেশ প্ৰদান কৰিছে।

গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰা অবৈধ বিদেশীক ৰাজ্যৰ কাৰাগাৰ সমূহত নাৰাখিবলৈ নির্দেশ প্ৰদান কৰিছে।

  • Share this:
গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰা অবৈধ বিদেশীক ৰাজ্যৰ কাৰাগাৰ সমূহত নাৰাখিবলৈ নির্দেশ প্ৰদান কৰিছে। তেনে বন্দীত্ব মানৱ অধিকাৰ আৰু মানৱীয় মৰ্যাদাৰ পৰিপন্থী বুলি অভিহিত কৰিছে উচ্চ ন্যায়ালয়ে। যদিহে স্থায়ী ডিটেনচন চেণ্টাৰ নিৰ্মাণ হৈ উঠা নাই তেন্তে সেইসকলক ব্যক্তিগত পৰিসৰ ভাড়াত লৈ স্বদেশলৈ প্ৰেৰণ নকৰা পৰ্যন্ত ৰাখিবলৈ নির্দেশ দিয়া হৈছে। অসমৰ ছখন কেন্দ্ৰীয় তথা জিলা কাৰাগাৰত বন্দী হৈ থকা বিদেশীৰহৈ উচ্চ ন্যায়ালয়ত দাখিল হোৱা একাধিক লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ এম আৰ পাঠকে এই ৰায় প্ৰদান কৰে। তেওঁ অসম চৰকাৰক এই সন্দৰ্ভত এক প্ৰতিবেদন দাখিল কৰিবলৈও নির্দেশ দিয়ে ।

২০০৯ চনত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে পাকিস্তানৰ পৰা ভাৰতত অবৈধ ভাৱে প্ৰৱেশ কৰা ৩৭জন নাগৰিকৰ সন্দৰ্ভত দিয়া ৰায়ৰ উদ্ধৃতি প্ৰদান কৰি এই সিদ্ধান্তত উপনীত হয় ন্যায়াধীশগৰাকী। তেওঁ কয় – ‘পাকিস্তানৰ নাগৰিক সকলক তেতিয়া ম্যাদ উকলি যোৱাৰ পাছতো জে’লত ৰখা হৈছিল কাৰণ পাকিস্তান উচ্চ আয়ুক্তই তেওঁলোকক পাকিস্তানী নাগৰিক হিচাপে চিহ্নিত কৰা নাছিল। তাৰ পাছতে উচ্চতম ন্যায়ালয়ক বিষয়টো দৃষ্টিগোচৰ কৰাত নিয়মাৱলী জাৰি কৰা হয়।’

ন্যায়ালয়ে লগতে কয় – ‘ঘোষিত বিদেশীক জেলত ৰখাটো সৰ্বোচ্চ ন্যায়ালয়ৰ সেই নিয়মাৱলীৰ পৰিপন্থী। তেনেলোকক নিজ দেশলৈ প্ৰেৰণ নকৰালৈকে সীমিত গতিবিধিৰে যথাযোগ্য স্থানত ৰাখিব লাগিব আৰু সেই স্থান পৰিষ্কাৰ পৰিচ্ছন্ন হ’ব লাগিব আৰু  বিজুলী, খোৱা পানীৰ সুবিধা থাকিব লাগিব।’

ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া মহম্মদ চানাউল্লাহে সংবাদ মাধ্যমত প্ৰকাশ কৰা মতে, চৰকাৰে ব্যক্তিগত পৰিসৰ ভাড়াত লোৱাৰ ধন ৰাহি কৰিবলৈ ঘোষিত বিদেশীক কঠোৰ নিৰীক্ষণত ঘৰতে ৰখাৰ ব্যৱস্থা কৰিব পাৰে। উল্লেখযোগ্য যে, সেনা বিষয়াজনক বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰাৰ পাছত ২০১৯ চনত তেওঁ কিছুদিন কাৰাবাস খাটিব লগা হৈছিল।

অসমৰ ডিব্ৰুগড়, গোৱালপাৰা, শিলচৰ, তেজপুৰ, যোৰহাট আৰু কোকৰাঝাৰৰ কাৰাগাৰৰ এটা অংশ ‘detention centre’লৈ পৰ্যবেসিত কৰি অবৈধ বিদেশীক ৰখাৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি Covid-19 মহামাৰীৰ কাৰণে দুবছৰৰ অধিককাল জেলত কটোৱা বিদেশীক চৰ্ত সাপেক্ষে মুক্তি দিয়া হৈছে। লগতে ৪৫ কোটি টকা ব্যয় সাপেক্ষে গোৱালপাৰাত ৩,০০০ আৱাসীৰ এক বৃহৎ আধুনিক ডিটেনচন চেণ্টাৰ নিৰ্মাণ কৰি থকা হৈছে।
Published by:Himangshu Bhuyan
First published: