‘ৰাজ্যখনক বিদেশীৰ চৰনীয়া পথাৰ হ’বলৈ এৰি নিদিব, বিদেশীৰ বিৰুদ্ধে ব্যৱস্থা লওক, কেৱল মুখেৰে ক’লে নহয়’

News18 Assam | News18-Assam
Updated:August 2, 2020, 11:53 PM IST
‘ৰাজ্যখনক বিদেশীৰ চৰনীয়া পথাৰ হ’বলৈ এৰি নিদিব, বিদেশীৰ বিৰুদ্ধে ব্যৱস্থা লওক, কেৱল মুখেৰে ক’লে নহয়’
চকীঘাটৰ ঘটনাৰ তদন্তৰ বাবে সৰ্বদলীয় বিধায়কৰ প্ৰতিনিধি দল প্ৰেৰণ কৰিবলৈ মুখ্যমন্ত্ৰীক জনালে দাবী কংগ্ৰেছে

চকীঘাটৰ ঘটনাৰ তদন্তৰ বাবে সৰ্বদলীয় বিধায়কৰ প্ৰতিনিধি দল প্ৰেৰণ কৰিবলৈ মুখ্যমন্ত্ৰীক জনালে দাবী কংগ্ৰেছে

  • Share this:
বৃহস্পতিবাৰে জামুগুৰিহাটৰ চকীঘাটত সন্দেহজনক নাগৰিকে খিলঞ্জীয়াৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ অব্যাহত আছে ৷ ৰাজ্যৰ বহু কেইজন ৰাজনৈতিক নেতাৰ লগতে বিভিন্ন দল সংগঠনে ঘটনাটোক লৈ নিজ নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ শুকুৰবাৰে বিৰোধী দল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ঘটনাস্থলীলৈ হাতত বন্দুক লৈ যোৱা বিধায়ক পদ্ম হাজৰিকাক সমালোচনা কৰা পিছত দেওবাৰে চকীঘাটলৈ সৰ্বদলীয় বিধায়কৰ প্ৰতিনিধি দল প্ৰেৰণ কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনাইছে কংগ্ৰেছ দলে৷

জামুগুৰিহাটত নদুৱাৰ ব্লক কংগ্ৰেছে এক সংবাদ মেলৰ জৰিয়তে চকীঘাট কাণ্ডৰ তদন্ত বিচাৰি মুখ্যমন্ত্ৰীক দাবী জনোৱাৰ লগতে  ঘটনাৰ লগত  জড়িত সকলোকে চিনাক্ত কৰি কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। সংবাদমেলত ঘটনাটোৰ ক্ষেত্ৰত সাম্প্ৰদায়িক ৰাজনীতিৰ গোন্ধ পোৱা বুলি উল্লেখ কৰি নদুৱাৰ ব্লক কংগ্ৰেছে ইয়াৰ দ্বাৰা যাতে  অঞ্চলটোত  শান্তি সম্প্ৰীতি বিঘ্নিত নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ সকলো পক্ষলৈ আহ্বান জনাইছে।

আনহাতে চকীঘাটৰ ঘটনা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক তথা এন এচ ইউ আইৰ প্ৰাক্তন ৰাজ্যিক সভাপতি পাৰ্থ প্ৰতীম বৰাই আন এক সংবাদমেল আয়োজন কৰি কয় যে,  অসমত গৃহ বিভাগ বিফল হৈছে ৷ সেইবাবেই বিধায়ক পদ্ম হাজৰিকাই আত্ম ৰক্ষাৰ বাৱে হাতত বন্দুক তুলি লৈছে ৷ গৃহ বিভাগটো মুখ্যমন্ত্ৰীয়ে আন কাৰোৱাক চমজাই দিয়ক ৷ চকীঘাটৰ সন্দেহজনক লোক সকলক চিনাক্ত কৰি  ডিটেনচন কেম্পত ৰখাৰ ব্যৱস্থা কৰক চৰকাৰে। কেৱল মুখেৰে কৈ থাকিলে নহয়৷

অসমীয়া জাতি বচাবৰ কাৰণে চৰকাৰখনে চেষ্টা কৰক ৷ অসমীয়া জাতিৰ প্ৰতি ভাবুকি আহি পৰিছে ৷ এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা  নললে অসম শেষ হ’ব ৷ অসমক কেতিয়াও বাংলাদেশীৰ চৰণীয়া পথাৰ হবলৈ দিব নোৱাৰি ৷  খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত আমি সকলো এক হ’ব লাগিব ৷ খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ আমি কেতিয়াও সহ্য নকৰো ৷ চকীঘাটত খিলঞ্জীয়াৰ ওপৰত হোৱা আক্ৰমণক গৰিহনা দিছো ৷  ৰিপুণ বৰাকো অনুৰোধ  জনাইছো খিলঞ্জীয়াৰ হৈ থিয় দিবলৈ আহক ৷ অসম চৰকাৰে খিলঞ্জীয়াক মাটিৰ পট্টা দিয়াৰো ব্যৱস্থা কৰক ৷’ এনেদৰে কয় পাৰ্থ প্ৰতীম বৰাই।
Published by: Himangshu Bhuyan
First published: August 2, 2020, 11:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading