'সৰ্বানন্দ সোণোৱাল কিয় মৌন আছিল গৰু আৰু ড্ৰাগছ ছিণ্ডিকেটৰ বিৰুদ্ধে। সৰ্বানন্দ সোণোৱাল চৰকাৰে গৰু ছিণ্ডিকেট আৰু ড্ৰাগছ ছিণ্ডিকেটৰ বিৰুদ্ধে কিয় পদক্ষেপ নল'লে।'- এই গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে বৰপেটা সমষ্টিৰ সাংসদ আব্দুল খালেকে।
কেৱল প্ৰশ্নই নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই কংগ্ৰেছৰ সাংসদগৰাকীয়ে। আব্দুল খালেকৰ প্ৰত্যাহ্বান, মুখ্যমন্ত্ৰীৰ সৎ সাহস আছে যদি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক শীঘ্ৰে গৰু আৰু ড্ৰাগছৰ ছিণ্ডিকেটৰ তদন্তৰ আওতালৈ আনিব লাগে।
গৰু ছিণ্ডিকেট আৰু ড্ৰাগছ ছিণ্ডিকেটৰ সৈতে বিজেপি মন্ত্ৰী, বিধায়ক আৰু শীৰ্ষ আৰক্ষী বিষয়াও জড়িত থকাৰ অভিযোগ তোলে সাংসদ আব্দুল খালেকে। গ্ৰেপ্তাৰ হোৱা আৰু সন্দেহৰ আৱৰ্তত থকা লোক সকলৰ কল ৰেকৰ্ড পৰিক্ষা কৰিবলৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই আব্দুল খালেকে।
ইফালে ৰাজ্যৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে পূৰ্বে স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে দোষাৰোপ কৰে সাংসদগৰাকীয়ে। উচ্ছেদিত সকলৰ বাবে বিকল্প সংস্থাপনৰ ব্যৱস্থা আৰু মুছলমান সকলক ভয়, শংকা, সন্দেহৰ চকুৰে নাচাবলৈও চৰকাৰক অনুৰোধ জনাই কংগ্ৰেছৰ নিৰ্বাচিত জনপ্ৰতিনিধি গৰাকীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|