‘নাজানে বাক্য লিখিব, নেওতা খনো মুখস্থ নাই’- কিদৰে দশম শ্ৰেণীত অধ্যয়ন কৰিছে এইসমূহ চৰকাৰী বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে!

মেট্ৰিকত এজনো পৰীক্ষাৰ্থী উত্তীৰ্ণ নহ’ল!
মেট্ৰিকত এজনো পৰীক্ষাৰ্থী উত্তীৰ্ণ নহ’ল!
- News18 Assam
- Last Updated: June 11, 2020, 10:41 AM IST
এই চৰকাৰী বিদ্যালয়সমূহৰ প্ৰধান সমস্যাসমূহৰ ওপৰত News18ত তিনি বছৰত ধৰি ধাৰাবাহিক বাতৰি কৰি অহা হৈছিল। কিন্তু তাৰ পিছতো চৰকাৰৰ তৰফৰ পৰা গ্ৰহণ কৰা নহল কোনো পদক্ষেপ । শিক্ষা বিভাগৰ উৰ্ধ্বতম কৰ্তৃপক্ষৰ দীৰ্ঘদিনীয়া মৌনতাৰ বিপৰীতে অৱশেষত বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ল।

নেওতা , বৰ্ণ তথা বাক্য গাঠনিৰ বিষয়ে নজনাকৈয়ে বহু ছাত্ৰ ছাত্ৰী সৰ্ব্বশিক্ষা অভিযানৰ দেওনা পাৰ হৈ নামভৰ্তি কৰি আহিছে উচ্চ মাধ্যমিক বিদ্যালয়ত। ফলস্বৰূপে এনে ছাত্ৰ ছাত্ৰীৰ দ্বাৰাই বিদ্যালয়ৰ অস্তিত্ব বৰ্তাই ৰখা বহু চৰকাৰী বিদ্যালয়ে HSLC পৰীক্ষাত প্ৰদৰ্শন কৰিছে শূণ্য ফলাফল। নিউজ18য়ে ধাৰাবাহিক ভাৱে কেইবাখনো বিদ্যালয়ত চলোৱা অনুসন্ধানত পোহৰলৈ আহিছে এই তথ্য ।
মুঠ সাতগৰাকী শিক্ষক থকা বেজবৰুৱা হাইস্কুলটো বিগত সময়ছোৱাত অভাৱনীয় ভাৱে কমিছিল ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি। বিদ্যালয়খনৰ পৰা এইবাৰ HSLC পৰীক্ষাত অৱতীৰ্ণ হৈছিল মাত্ৰ তিনিগৰাকী ছাত্র। তিনিবছৰ পূৰ্বে শূণ্য ফলাফলৰ বাবেই যোৰহাট নগৰৰ বিদ্যাধৰ শৰ্ম্মা মেমৰিয়েল হাইস্কুলখনৰ বাতৰি News 18 ত প্ৰথমবাৰৰ বাবে সম্প্ৰচাৰ হোৱাৰ পিছত অসমৰ তদানীন্তন ৰাজ্যপালগৰাকী বিদ্যালয়খন পৰিদৰ্শন কৰিবলৈয়ো আহিছিল।
কিন্তু তাৰ পিছতো মূল সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থাই নল’লে।একে সমস্যা দেখিবলৈ পোৱা গৈছিল যোৰহাটৰ বালিগাওঁ গীতাৰ্থী ভকেচনেল উচ্চ-মধ্য ইংৰাজী বিদ্যালয়তো । অধিকাংশ ছাত্র ছাত্ৰীয়েই নাজানে বাক্য লিখিব।