• Home
  • »
  • News
  • »
  • assam
  • »
  • জলসম্পদ বিভাগৰ অধীনস্থ নহয় হেনো টিহু আৰু বুঢ়াদিয়া নৈ!

জলসম্পদ বিভাগৰ অধীনস্থ নহয় হেনো টিহু আৰু বুঢ়াদিয়া নৈ!

টিহু আৰু বুঢ়াদিয়া নৈৰ বানৰ কবলত পৰি ডুব গৈছে বৰপেটা আৰু নলবাৰী জিলাৰ বিস্তৃত অঞ্চল৷

টিহু আৰু বুঢ়াদিয়া নৈৰ বানৰ কবলত পৰি ডুব গৈছে বৰপেটা আৰু নলবাৰী জিলাৰ বিস্তৃত অঞ্চল৷

টিহু আৰু বুঢ়াদিয়া নৈৰ বানৰ কবলত পৰি ডুব গৈছে বৰপেটা আৰু নলবাৰী জিলাৰ বিস্তৃত অঞ্চল৷

  • Share this:
ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ আজব কাণ্ড! জলসম্পদ বিভাগৰ অধীনস্থ নহয় টিহু আৰু বুঢ়াদিয়া নৈ৷ ফলত প্ৰতিবছৰে এটাৰ পিছত আনটো বানত পৰি সৰ্বস্বান্ত হ’বলগীয়া হৈছে বৰপেটা আৰু নলবাৰী জিলাৰ প্ৰায় দুকুৰি গাঁও৷

টিহু আৰু বুঢ়াদিয়া নৈৰ বানৰ কবলত পৰি ডুব গৈছে বৰপেটা আৰু নলবাৰী জিলাৰ বিস্তৃত অঞ্চল৷ ইতিমধ্যে নৈ দুখনৰ বাঢ়নী পানীত টিহু লচিমা পথ ডুব যোৱাৰ লগতে পাৰাহকুছি, বতিয়া, কেন্দুবাৰী, কালাতলী, লখোপুৰ, বৰবিলা, চাৰাবিল, আদি গাঁও বানৰ কবলত পৰিছে৷ বানৰ কবলত পৰা গাঁওসমূহৰ লোকসকলৰ লগতে পোহনীয়া জীৱ–জন্তু খাদ্যৰ সংকটত পৰিছে৷

টিহু আৰু বুঢ়াদিয়া নৈৰ পানীয়ে প্ৰতিবছৰে বৰপেটা আৰু নলবাৰীৰ বৃহৎ অঞ্চলৰ ৰাইজক ক্ষতিগ্ৰস্থ কৰি আহিছে যদিও এইক্ষেত্ৰত বানৰ কবলৰ পৰা জিলা দুখনৰ ৰাইজক উদ্ধাৰৰ নাই কোনো পথ৷ চৰকাৰী মেৰপেঁচৰ বাবেই  টিহু আৰু বুঢ়াদিয়া নৈপৰীয়া গাঁওসমূহৰ ৰাইজ বানৰ কবলৰ পৰা উদ্ধাৰৰ নাই কোনো আশা৷

চৰকাৰী তথ্য অনুসৰি টিহু আৰু বুঢ়াদিয়া নৈ দুখন জলসম্পদ বিভাগৰ অধীনস্থ নহয়৷ ফলত বান সমস্যাৰ সমাধান আৰু প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে গ্ৰহণ কৰিব নোৱাৰে কোনো আঁচনি৷ যাৰ ফলত প্ৰতিবছৰে এটাৰ পিছত আনটো বানত ক্ষতিগ্ৰস্থ হ’বলগা হয় নৈপৰীয়া জিলাদুখনৰ ৰাইজ৷

বিগত বছৰত বানৰ পিছত ক্ষয় ক্ষতিৰ বুজ ল’বলৈ অহা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰতিনিধিসকলক সাক্ষাৎ কৰি স্থানীয় গাঁওবাসীয়ে নৈ দুখন জলসম্পদ বিভাগৰ অধীনলৈ নিয়াৰ বাবে দাবী জনাইছিল যদিও সমস্যাৰ কোনো সমাধান নহ'ল৷ জলসম্পদ বিভাগৰ অধীনস্থ নোহোৱাৰ বাবেই টিহু আৰু বুঢ়াদিয়া নৈপৰীয়া ৰাইজে ভোগ কৰি অহা সমস্যাৰ কেতিয়াবা সমাধান হ’বনে?
First published: