• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Govt. Buy Paddy: ৰাজ্যত ১ ডিচেম্বৰৰ পৰা ধন ক্ৰয় প্ৰক্ৰিয়া, হোজাইত কৰ পৰা কিমান পৰিমাণৰ ধান ক্ৰয় কৰিব? লাভ হ'বনে প্ৰকৃত কৃষক?

Assam Govt. Buy Paddy: ৰাজ্যত ১ ডিচেম্বৰৰ পৰা ধন ক্ৰয় প্ৰক্ৰিয়া, হোজাইত কৰ পৰা কিমান পৰিমাণৰ ধান ক্ৰয় কৰিব? লাভ হ'বনে প্ৰকৃত কৃষক?

 NGOসমূহে কোনো বিজ্ঞাপন নিদিয়াকৈ স্থানীয় একাংশ কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীক মেনেজ কৰি ভুৱা কৃষকৰ প্ৰমাণ পত্ৰ উলিয়াই ৰমৰমীয়া ব্যাৱসায় চলাই যোৱাৰ অভিযোগ আছে অনেক৷

NGOসমূহে কোনো বিজ্ঞাপন নিদিয়াকৈ স্থানীয় একাংশ কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীক মেনেজ কৰি ভুৱা কৃষকৰ প্ৰমাণ পত্ৰ উলিয়াই ৰমৰমীয়া ব্যাৱসায় চলাই যোৱাৰ অভিযোগ আছে অনেক৷

NGOসমূহে কোনো বিজ্ঞাপন নিদিয়াকৈ স্থানীয় একাংশ কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীক মেনেজ কৰি ভুৱা কৃষকৰ প্ৰমাণ পত্ৰ উলিয়াই ৰমৰমীয়া ব্যাৱসায় চলাই যোৱাৰ অভিযোগ আছে অনেক৷

  • Share this:

অসম চৰকাৰে কৃষকৰ ঘামৰ মূল্য দিবলৈ অতি উচ্চ হাৰত কৃষকৰ পৰা ধান ক্ৰয়ৰ  সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম চাৰকাৰে এইবাৰ প্ৰতি কুইন্টলত ১৯৪০ টকাকৈ ধান ক্ৰয় কৰাৰ  সিদ্ধান্ত গ্ৰহণ কৰিছে। পহিলা ডিচেম্বৰৰ  পৰা আৰাম্ভ কৰিব ধন ক্ৰয় কৰা পক্ৰিয়া, যোৱা ২১ অক্টোবৰত No FSB. 78/2021/pt/35 নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে।


সেই অনুসৰি হোজাই  জিলাত শালিধান ক্ৰয় কৰা কেন্দ্ৰ (FCI)ই ক্ৰমে হোজাইত  ২৮,৫০০ মেট্ৰিকটন ধান ক্ৰয় কৰিব, হাওৰাঘাট ৮০০০, লংকাত ১০,০০০, কৰৈগুৰি ১০৫০০, সৰুপথাৰ ২২০০০, নীলবাগান ১০০০, ডবকা ১০০০, শংকৰদেৱ নগৰ ১০০০,পূব ধনীৰাম পথাৰ ১০০০, মিলিক বস্তি ১০০০, শিলিগুৰি বস্তি ১০০০,দক্ষিণ বিদ্যা সাগৰ ১০০০, AFCSCLৰ কেন্দ্ৰ ভালুক মাৰীত ৮০০০, গোলাঘাটীয়া বস্তিত ৪০০০, NAFED ৰ কেন্দ্ৰ ঘোলাগাটীয়া বস্তি ৪০০০, শংকৰদেৱ নগৰ ২৫০০,পূব ধনীৰাম পথাৰ ৩০০০, ধানুৱাৰ বস্তি ৫০০ মেট্টিকটন, মিলিকবস্তি ২০০০, কাকী ১৫০০, NACAOFৰ কেন্দ্ৰ সৰুপথাৰ ১৫০০, শিলিগুৰি বস্তি ১০০০, যমুনামুখ ১০০০, NCCFৰ কেন্দ্ৰ ইটাখলাত ২৫০০, যমুনামুখ ২০০০, আকাশীগংগাত ৫০০, চামৰ আলিত ২০০০ মেট্ৰিকটন ধান ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷


এতিয়া প্ৰশ্ন হৈছে কেন্দ্ৰসমূহত ধান বিক্ৰীৰ সুবিধা লাভ কৰিব নে প্ৰকৃত কৃষকে৷ প্ৰতি বছৰতেই এই কেন্দ্ৰসমূহ মধ্যেভোগীৰ দখলত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ এইবাৰ হিমন্ত চৰকাৰে নতুন পদক্ষেপ গ্ৰহণ কৰাত মধ্যেভোগী বেপাৰীয়েও ধান ক্ৰয় কৰাৰ পৰা বিৰত থকাত ধান বিক্ৰী কৰাৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হৈছে৷


উল্লেখ্য যে হোজাই জিলাৰ ভিতৰত সৰ্বাধিক ধান উৎপাদন হয় যমুনামুখ সমষ্টিত, সেই অনুপাতে যমুনামুখ সমষ্টিত ধান ক্ৰয় কেন্দ্ৰ এইবাৰ হ্ৰাস কৰাত কৃষক সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ যোৱা বৰ্ষত AFCSCL ৰ ধান ক্ৰয় কেন্দ্ৰ আছিল যদিও এইবাৰ ৰহস্যজনকভাৱে কাটি দিয়াত কৃষক ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে৷


অন্যান্য বছৰত হোজাই জিলাৰ তিনি মষ্টি ক্ৰমে হোজাই, লামডিং আৰু যমুনামুখ সমষ্টিত এটা এটাকৈ ধান ক্ৰয় কেন্দ্ৰ আছিল যদিও দুৰ্ভাগ্যবশতঃ এইবাৰ  সৰ্বাধিক ধন উৎপাদন হোৱা যমুনামুখ সমষ্টিত কেন্দ্ৰটো নিদিয়াত  দুখ প্ৰকাশ কৰিছে সচেতন কৃষকসকলে৷


এইবাৰ NGOসহ ৬টাকৈ বিভাগে ৰাজ্যত ধান ক্ৰয় কৰিব, একাংশ NGOই কেইজনমান বণিয়াৰ হাতত ধান ক্ৰয় কৰাৰ সম্পূৰ্ণ কৰ্তৃত্ব  প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে৷ কৃষকসকলক অৱগত নকৰাকৈ একাংশ নিৰ্দিষ্ট দালাল শ্ৰেণীৰ লোকৰ হতুৱাই কমিছনৰ ভিত্তিত দীৰ্ঘ বহু বছৰৰ পৰা ধান ক্ৰয় কৰাৰ অভিযোগ উঠিছে, যাৰ বাবে প্ৰকৃত কৃষকসকল উচিত মূল্যৰ পৰা বঞ্চিত হৈ আহিছে৷


উক্ত ধান ক্ৰয় কৰা NGOসমূহে কোনো বিজ্ঞাপন নিদিয়াকৈ স্থানীয় একাংশ কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীক মেনেজ কৰি ভুৱা কৃষকৰ প্ৰমাণ পত্ৰ উলিয়াই ৰমৰমীয়া ব্যাৱসায় চলাই যোৱাৰ অভিযোগ আছে অনেক৷ এইবাৰ উক্ত NGOৰ এই দুৰ্নীতিৰ বিৰুদ্ধে হিমন্ত চৰকাৰে কি পদক্ষেপ লয় সেয়া লক্ষণীয় হ'ব৷


Assam News Today | News in Assamese |
Published by:Gautam Barman
First published: