ইয়াৰ লগতে ১৮ ৰ পৰা ২০ নৱেম্বৰলৈ শিৱসাগৰ জিলাৰ নাজিৰাৰ মেকিপুৰ চাহবাগিচাত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠি’ত হোৱা অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিৱেশনৰ দ্বিতীয় দিনা সন্ধিয়া ছাত্ৰ-ছাত্ৰীৰ বিবিধা অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয় যে অসমত সাহিত্য সভাৰ ক্ষেত্ৰখনত বহু জাতি-জনগোষ্ঠীয়ে নিজ নিজ ভাষাত সাহিত্য চৰ্চা কৰাৰ বিপৰীতে চাহ জনগোষ্ঠীয় সাহিত্য সভাই অসমীয়া ভাষাতে সাহিত্য চৰ্চা অব্যাহত ৰখাটোৱে এক সুন্দৰ বাৰ্তা বহন কৰিছে ৷ মন্ত্ৰীগৰাকীয়ে কয় যে চাহ জনগোষ্ঠীয় লোকসকলে নিজকে অসমীয়া হিচাপেই পৰিচয় দি আহিছে ৷