স্কুল-কলেজ বন্ধ, অনলাইন ক্লাচ কৰিবলৈ চৰকাৰে ছাত্ৰ-ছাত্ৰীক দিব বিনামূলীয়া স্মাৰ্টফোন, পিছে কিমান সঁচা এই খবৰ?

News18 Assam | News18-Assam
Updated:August 31, 2020, 4:43 PM IST
স্কুল-কলেজ বন্ধ, অনলাইন ক্লাচ কৰিবলৈ চৰকাৰে ছাত্ৰ-ছাত্ৰীক দিব বিনামূলীয়া স্মাৰ্টফোন, পিছে কিমান সঁচা এই খবৰ?
সমগ্ৰ দেশত এতিয়াও অব্যাহত আছে কোৰোণাৰ ভয়াৱহতা। কোৰোণা মহামাৰীৰ ফলত এতিয়া বন্ধ স্কুল-কলেজ।

সমগ্ৰ দেশত এতিয়াও অব্যাহত আছে কোৰোণাৰ ভয়াৱহতা। কোৰোণা মহামাৰীৰ ফলত এতিয়া বন্ধ স্কুল-কলেজ।

  • Share this:
সমগ্ৰ দেশত এতিয়াও অব্যাহত আছে কোৰোণাৰ ভয়াৱহতা। কোৰোণা মহামাৰীৰ ফলত এতিয়া বন্ধ স্কুল-কলেজ। ফলত ব্যাপক ভাবে ক্ষতিৰ সন্মুখীন হৈছে শিক্ষাৰ্থীসকল। যদিও চলি আছে অনলাইন ক্লাচ কিন্তু স্মাৰ্টফোন নথকাৰ বাবে বঞ্চিত হৈছে বহু শিক্ষাৰ্থী। সেয়েহে চৰকাৰে সকলো ছাত্ৰ-ছাত্ৰীকে দিব বিনামূলীয়া স্মাৰ্টফোন। পিছে কিমান সঁচা এই বাতৰি?

বৰ্তমান ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ স্মাৰ্টফোন দিব বুলি ছচিয়েল মিডিয়াতো হৈছে প্ৰচাৰ। কিন্তু এই খবৰ সম্পূৰ্ণ ৰূপে ভুৱা। গতিকে এনেধৰণৰ বিভ্ৰান্তিকৰ বাতৰি ৰাইজক বিশ্বাস নকৰিবলৈ আহ্বান জনোৱা হৈছে।



#PIBfactcheck এ এই বাতৰি নস্যাত্‍ কৰিছে। PIBৰ মতে, কেন্দ্ৰীয় চৰকাৰে সকলো শিক্ষাৰ্থীক বিনামূলীয়াকৈ স্মাৰ্টফোন দিয়াৰ কোনো আঁচনি ঘোষণা কৰা নাই।
Published by: Himangshu Bhuyan
First published: August 31, 2020, 4:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি