প্ৰতিলিটাৰ পেট্ৰ’লত ১০ টকা আৰু প্ৰতিলিটাৰ ডিজেলত ১৩ টকাকৈ আবকাৰী শুল্ক বৃদ্ধি

News18 Assam | News18-Assam
Updated:May 6, 2020, 9:18 AM IST
প্ৰতিলিটাৰ পেট্ৰ’লত ১০ টকা আৰু প্ৰতিলিটাৰ ডিজেলত ১৩ টকাকৈ আবকাৰী শুল্ক বৃদ্ধি
৬ মে’ৰ পৰা কাৰ্যকৰী হ’ব পেট্ৰ’ল–ডিজেলৰ নতুন নিৰিখ।

৬ মে’ৰ পৰা কাৰ্যকৰী হ’ব পেট্ৰ’ল–ডিজেলৰ নতুন নিৰিখ।

  • Share this:
কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল আৰু ডিজেলত বৃদ্ধি কৰিলে আবকাৰী শুল্ক। চৰকাৰৰ নিৰ্দেশনা অনুসৰি, পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত Road Cess হিচাপে প্ৰতিলিটাৰ ৮ টকাকৈ বৃদ্ধি কৰা হ’ব। আনহাতে, স্পেচিয়েল এডিচনেল ডিউটীৰ বাবদ প্ৰতিলিটাৰ পেট্ৰ’লত ২ টকা আৰু প্ৰতিলিটাৰ ডিজেলত ৫ টকা বৃদ্ধি কৰা হ’ব। এই দুয়োটা মিলাই প্ৰতিলিটাৰ পেট্ৰ’লত ১০ টকা আৰু প্ৰতিলিটাৰ ডিজেলত ১৩ টকা বৃদ্ধি পাব।

৬ মে’ৰ পৰা কাৰ্যকৰী হ’ব পেট্ৰ’ল–ডিজেলৰ নতুন নিৰিখ। অৱশ্যে এই মূল্যবৃদ্ধি অইল মাৰ্কেটিং কোম্পানীৰ পৰা লোৱা হ’ব। খুচুৰা বিক্ৰীত ইয়াৰ কোনো প্ৰভাৱ নপৰে। পেট্ৰ’ল পাম্পত ইন্ধনৰ খুচুৰা বিক্ৰীত কোনো ধৰণৰ দাম বৃদ্ধি নহয়।

অইল মাৰ্কেটিং কোম্পানীৰ এজন বিষয়াই CNBCক কয় যে পেট্ৰ’ল আৰু ডিজেলৰ এমআৰপি একেই থাকিব। কোৰোণা ভাইৰাছৰ বাবে খাৰুৱা তেলৰ দাম বহু হ্ৰাস পাইছে। এনে অৱস্থাত তেল মাৰ্কেটিং কোম্পানীসমূহে ধাৰাবাহিকভাৱে দাম হ্ৰাস অব্যাহত ৰাখিছে।
First published: May 6, 2020, 9:16 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি