সন্মুখত ২০২১ বৰ্ষৰ বিধানসভা আৰু বি টি আৰ নিৰ্বাচন। ইতিমধ্যে নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰিছে শাসকীয় দল বিজেপি আৰু আন আন দলসমূহে। কিন্তু তেনে সময়তে ভোট দিয়াৰ বিনিময়ত ভেটাৰক ৬ হাজাৰ টকাৰ দাবী জনালে এটা ৰাজনৈতিক দলে। সেই দলটোৰ নাম হৈছে ভোটাৰৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনলে।
আগন্তুক ৰাজ্যৰ নিৰ্বাচনত নেতাক ভোট দিয়াৰ বিনিময়ত প্ৰতিমাহে কেন্দ্ৰীয় চৰকাৰক ৬ হাজাৰ টকাৰ ভোটাৰশ্বিপ দিয়াৰ দাবী এই দলটোৰ।দেওবাৰে ৰঙিয়া খেলপথাৰত অনুষ্ঠিত হোৱা বিশ্বত্মাৰ ৫১ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি নাগৰিকত্ব পুনৰ বিচাৰ সমাৱেশত এই কথা প্ৰকাশ কৰিছে পাৰ্টীৰ প্ৰতিষ্ঠাপক বিশ্বত্মা ভৰত গান্ধীয়ে।
সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি তেওঁ কয় যে 'ছাত্ৰ ছাত্ৰীক যিদৰে চৰকাৰে স্ক’লাৰশ্বিপ প্ৰদান কৰে, ঠিক তেনেদৰে ভোটাৰকো চৰকাৰে প্ৰদান কৰিব লাগে মাহিলী দৰমহা। প্ৰতিষ্ঠাপক জনৰ প্ৰশ্ন' ৰাইজৰ ভোটৰ পৰাই যদি বিধায়ক আৰু সাংসদ নিৰ্বাচন হয়,তেওঁলোকে যদি দৰমহা পাব পাৰে,তেন্তে ভোটাৰ সকলে কিয় নোৱাৰে?ৰাজ্যৰ ২০২১ বৰ্ষৰ বিধানসভা আৰু বি টি আৰ নিৰ্বাচনত ভোটাৰশ্বিপ আইনক মূল ইচ্ছু হিচাপে হৈ নির্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব দলটোৱে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|