চিনাকী ঘাটৰ অচিনাকী দৃশ্য। নিমাতীঘাটৰ ভয়ংকৰ নাও দুৰ্ঘটনাই সলনি কৰিলে দৃশ্যপট।
চিনাকী ঘাটৰ অচিনাকী দৃশ্য। নিমাতীঘাটৰ ভয়ংকৰ নাও দুৰ্ঘটনাই সলনি কৰিলে দৃশ্যপট।
বুধবাৰৰ দেশ কঁপাই যোৱা ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ শিহৰণকাৰী দৃশ্য সকলোৰে চকুৰ আগত এতিয়াও ভাঁহি আছে। মৰণকাতৰ আৰ্তনাদবোৰ আজিও কাণত বাজি আছে। এই ঘটনাৰ পিছতেই সৰ্বত্ৰ ৰজাঘৰীয়াক ককৰ্থনাৰ ঢৌ উঠিল। জবাবদিহি কৰিলে এলান্ধুকলীয়া পদ্ধতিৰে চলি থকা আভ্যন্তৰীণ জল পৰিবহন বিভাগক। ঘটনা সংঘটিত হোৱাৰ পিছদিনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰিলে। লগতে ক’লে নিমাতী–মাজুলী ফেৰীসেৱাৰ আধুনিকীকৰণৰ কথা। একক ইঞ্জিনচালিত ফেৰীসমূহ বন্ধ কৰি ছখনকৈ চৰকাৰী জাহাজ ব্যৱস্থা কৰিলে।
কথা মতেই কাম। আজিৰে পৰা চলাচল নিমাতীঘাটত আৰম্ভ হ'ল চৰকাৰী জাহাজৰ চলাচল। জীৱনত কোনোকালেই লাইফ জেকেট পৰিধান কৰি ফেৰীত উঠি নোপোৱা যাত্ৰীয়ে পিন্ধিলে লাইফ জেকেট। লাইফ জেকেট পৰিধান নকৰাকৈ ফেৰীৰে কৰিব নোৱাৰিব যাত্ৰা। চৰকাৰৰ এই ব্যৱস্থাক আদৰণি জনাইছে সকলোৱে। বহু জনে ক’লে - এই পদক্ষেপ কেতিয়াবাই ল’ব লাগিছিল। কিন্তু পলমকৈ লোৱা এনে কঠোৰতা সদায় অৱ্যাহত থকাৰ কামনা কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|