প্ৰতি সোমবাৰে চৰকাৰী চাকৰিয়ালে পিন্ধিব লাগিব পৰম্পৰাগত পোছাক, অন্যথা দৰমহা কৰ্তন

সোমবাৰৰ পৰা অৰ্থাৎ ৪ নৱেম্বৰৰ পৰা এই নিৰ্দেশনা কাৰ্যকৰী হ’ব।

News18-Assam
Updated:November 4, 2019, 2:18 PM IST
প্ৰতি সোমবাৰে চৰকাৰী চাকৰিয়ালে পিন্ধিব লাগিব পৰম্পৰাগত পোছাক, অন্যথা দৰমহা কৰ্তন
সোমবাৰৰ পৰা অৰ্থাৎ ৪ নৱেম্বৰৰ পৰা এই নিৰ্দেশনা কাৰ্যকৰী হ’ব।
News18-Assam
Updated: November 4, 2019, 2:18 PM IST
ৰাজ্য চৰকাৰে যোৱা বছৰ এক নিৰ্দেশনা দিছিল যে চৰকাৰী বিষয়া-কৰ্মচাৰী সকলে নিজ নিজ পৰম্পৰাগত পোছাক পৰিধান কৰি কাৰ্যালয়লৈ আহিব লাগিব।

বৰ্তমান ৰাজ্য চৰকাৰকে অনুকৰণ কৰি এইবাৰ ডিমা হাছাও জিলাত দেব’লাল গাৰ্লোছা নেতৃত্বাধীন পাৰ্বত্য পৰিষদে পৰম্পৰাগত পোছাক পৰিধান ব্যৱস্থা প্ৰণয়ন কৰিবলৈ সিদ্ধান্ত লৈছে।

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে প্ৰতি সপ্তাহৰ সোমবাৰে নিজৰ নিজৰ পৰম্পৰাগত পোছাক পৰিধান কৰি কাৰ্যালয়ত আহিব লাগিব।

নিৰ্দেশ উলংঘা কৰা বিষয়া-কৰ্মচাৰীৰ এমাহৰ দৰমহা কৰ্তন কৰা হ’ব। অলপতে বিজেপি শাসিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। আনকি পৰিষদৰ চি ই এম, ই এম সকলেও নিজ নিজ পৰম্পৰাগত পোছাক পৰিধান কৰিব লাগিব।

সোমবাৰৰ পৰা অৰ্থাৎ ৪ নৱেম্বৰৰ পৰা এই নিৰ্দেশনা কাৰ্যকৰী হ’ব। যোৱা বৃহস্পতিবাৰে স্বায়ত্তশাসিত পৰিষদৰ অধিবেশনত এই প্ৰস্তাৱ সৰ্বসন্মতভাৱে গৃহীত হয় আৰু একে দিনাই পৰিষদৰ প্ৰধান সচিবে এখন জাননীও জাৰি কৰিছে।

উল্লেখযোগ্য যে ডিমা হাছাও জিলা ১৪টাৰো অধিক জাতি-জনগোষ্ঠীৰ বাসভূমি আৰু তেওঁলোকৰ আছে নিজা পৃথক পোছাক। কিন্তু পৰিষদৰ এই নিৰ্দেশনা কিমানদূৰ সফল হয় সেয়া অনাগত দিনত এক লক্ষণীয় বিষয় হ’ব।

যিহেতু পৰম্পৰাগত পোচাকৰ ইছ্যুক লৈ পৰিষদৰ নৰ্মাল বিভাগৰ বিষয়া-কৰ্মচাৰীৰ পৰা মতামত জানিব বিচৰাত তেওঁলোকে এই বিষয়ত অসন্তোষ ব্যক্ত কৰে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি