চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে কৰিব নোৱাৰিব CAB ৰ বিৰুদ্ধে প্ৰতিবাদ, শিক্ষামন্ত্ৰীৰ অধিসূচনাৰ পিছতে ক্ষোভ শিক্ষাৰ্থীৰ

News18 Assam | News18-Assam
Updated:December 7, 2019, 9:48 AM IST
চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে কৰিব নোৱাৰিব CAB ৰ বিৰুদ্ধে প্ৰতিবাদ, শিক্ষামন্ত্ৰীৰ অধিসূচনাৰ পিছতে ক্ষোভ শিক্ষাৰ্থীৰ
নিশা কটনৰ চৌহদত  শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ। শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিৰুদ্ধে এই প্ৰতিবাদ।

নিশা কটনৰ চৌহদত  শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ। শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিৰুদ্ধে এই প্ৰতিবাদ।

  • Share this:
ৰাজ্যত চলি আছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ। বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীসকল ওলাই আহিছে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ। কিন্তু সেইসময়তে শুকুৰবাৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই জাৰি কৰিলে এক বিশেষ অধিসূচনা। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এতিয়াৰ পৰা ৰাজ্যৰ কোনো শিক্ষানুষ্ঠানৰ ছাত্ৰ–ছাত্ৰীয়ে ভাগ লব নোৱাৰিব প্ৰতিবাদত। যাৰ ফলত এতিয়া জাঙুৰ খাই উঠিছে ৰাজ্যৰ ছাত্ৰ সমাজ।

শিক্ষামন্ত্ৰীৰ এই অধিসূচনাৰ পিছত নিশা কটনৰ চৌহদত  শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ।
শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিৰুদ্ধে এই প্ৰতিবাদ। শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ প্ৰতিবাদী শিক্ষাৰ্থীৰ। আনকি শিক্ষামন্ত্ৰীৰ বাসগৃহৰ সন্মুখত ‘মই অসমৰ শিক্ষামন্ত্ৰী, মই কেবৰ সমৰ্থক’ আদি পষ্টাৰ লগাই প্ৰতিবাদ সাব্যস্ত কৰে একাংশ লোকে।
First published: December 7, 2019, 9:48 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading