মুখ্যপৃষ্ঠা »খবৰ »অসম »নাও দুৰ্ঘটনাৰ পিছত ব্যাপক পৰিৱৰ্তনৰ বাবে তৎপৰ চৰকাৰ, পৰিবহণ মন্ত্ৰীয়ে সদৰী কৰিলে এনে কিছু ব্যৱস্থাৰ কথা

নাও দুৰ্ঘটনাৰ পিছত ব্যাপক পৰিৱৰ্তনৰ বাবে তৎপৰ চৰকাৰ, পৰিবহণ মন্ত্ৰীয়ে সদৰী কৰিলে এনে কিছু ব্যৱস্থাৰ কথা

নিমাতী, মাজুলীকে ধৰি ৰাজ্যৰ ১২টা নদীঘাটত প্ৰতিটোতে ৬০-১০০ কোটি টকাকৈ ব্যয় সাপেক্ষে আধুনিক টাৰ্মিনেল নিৰ্মাণ।

নিমাতী, মাজুলীকে ধৰি ৰাজ্যৰ ১২টা নদীঘাটত প্ৰতিটোতে ৬০-১০০ কোটি টকাকৈ ব্যয় সাপেক্ষে আধুনিক টাৰ্মিনেল নিৰ্মাণ।

  • Share this:

অচিৰেই ব্যাপক ৰূপত পৰিৱৰ্তন আহিব ৰাজ্যৰ জল পৰিবহণ ব্যৱস্থালৈ। নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ পিছতে অধিক তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এসপ্তাহ ধৰি যোৰহাটৰ নিমাতীত বাহৰ পাতি তদাৰক কৰি আছে ৰূপায়ণ কৰিবলগীয়া সমগ্ৰ আঁচনিসমূহ। পৰিবহণ বিভাগৰ একাংশ শীৰ্ষ বিষয়াও আছেহি যোৰহাটত। আনহাতে এসপ্তাহত দুবাৰকৈ নিমাতীঘাটলৈ গৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।


যোৰহাটৰ নিমাতীঘাটৰ সমীপত ৮ ছেপ্টেম্বৰত সংঘটিত হৈছিল ভয়ংকৰ নাও দুৰ্ঘটনা । এই নাও দুৰ্ঘটনাৰ পিছতে সমগ্ৰ ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থাক নতুন ৰূপ দিবলৈ তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। এসপ্তাহতে দুবাৰকৈ নিমাতীঘাটলৈ আহি পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এসপ্তাহ ধৰি নিমাতীঘাটত অস্থায়ী শিবিৰ পাতি তদাৰক কৰি আছে সকলো কাম–কাজ।


নিমাতী-মাজুলীৰ মাজত অচিৰেই চলাচল কৰিব মুঠ আঠখন ৰ'পেক্স জাহাজ তথা ফেৰী। খৰালি ড্ৰেজাৰৰ জৰিয়তে জাহাজ চলাচলৰ জলপথ সুচল কৰি তোলা হ'ব। সমগ্ৰ ৰাজ্যৰ বাবে মুঠ ২১খন ষ্টীল কেটামাৰান জাহাজ অনা হ'ব বুলি জানিবলৈ দিছে পৰিবহণ মন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে তেনে তিনিখন জাহাজ গুৱাহাটীত আছে আৰু তাৰে এখন জাহাজ ১৭ ছেপ্টেম্বৰত নিমাতী পাবহি। গুৱাহাটীত থকা দুখন জাহাজত নতুন ইঞ্জিন লগাই যোৰহাট-মাজুলীৰ মাজত চলাচলৰ বাবে ইতিমধ্যে প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।


"মাজুলীত যাত্ৰীৰ মাজত পৰ্যাপ্ত ফেৰী বা জাহাজৰ অভাৱৰ বাবে কিছু হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল। কিন্তু বৰ্তমান সেয়া সমাধান হৈছে। অচিৰেই বৰ্তমান থকা দুখন ৰ'পেক্স , এখন জাহাজৰ সৈতে সংযোগ হ'ব দুখন জাহাজ আৰু এখন ষ্টীল কেটামাৰান জাহাজ। নিমাতীত থকা দুখন মেৰাইন ইঞ্জিনযুক্ত ব্যক্তিগত ফেৰীও চলিব । তেতিয়া আঠখন জাহাজ, ফেৰীৰে এই যাতায়াত অধিক সুচল হৈ পৰিব।" পৰিবহণ মন্ত্ৰীগৰাকীয়ে এনেদৰে কয় ।


নিমাতী, মাজুলীকে ধৰি ৰাজ্যৰ ১২টা নদী ঘাটত প্ৰতিটোতে ৬০-১০০ কোটি টকাকৈ ব্যয় সাপেক্ষে আধুনিক টাৰ্মিনেল নিৰ্মাণৰ কাম অচিৰেই আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ বাবে নেদাৰলেণ্ডৰ এটা কোম্পানীৰ কেইবাগৰাকী বিষয়াৰ সৈতে বুধবাৰে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নিমাতীঘাটত এক বৈঠকত মিলিত হয়। যাৱতীয় জৰীপৰ অন্তত অচিৰেই ইয়াৰ বাবে নিবিদা আহ্বান কৰা হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।


আনহাতে, গুৱাহাটীত জাহাজৰ নাবিকৰ প্ৰশিক্ষণৰ বাবে বিহাৰৰ নিনি নামৰ প্ৰতিষ্ঠানৰ এটা শাখা স্থাপন কৰা হ'ব বুলি জানিবলৈ দিয়ে পৰিবহণ মন্ত্ৰীগৰাকীয়ে। লগতে গুৱাহাটীৰ পাণ্ডুত অচিৰেই নিৰ্মাণ কৰা হ'ব এটা জাহাজ মেৰামতি কৰা কাৰখানা। তেতিয়া অসমৰ ঘাটবোৰত চলাচল কৰা আধুনিক জাহাজসমূহৰ মেৰামতি অতি কম সময়তে অসমতে কৰিব পৰা যাব বুলি জানিবলৈ দিয়ে পৰিবহণ মন্ত্ৰীগৰাকীয়ে।


নিমাতীৰ নাও দুৰ্ঘটনাৰ পিছত বৰ্তমান এনেদৰেই চৰকাৰ আগবাঢ়িছে ৰাজ্যৰ জল পৰিবহণ ব্যৱস্থাত ব্যাপক ৰূপত পৰিৱৰ্তন আনিবলৈ। অৱশ্যে এই আঁচনিসমূহৰ দ্ৰুত ৰূপায়ণৰ ওপৰতে সকলো নিৰ্ভৰ কৰিব। আনহাতে নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ পিছতে এক ইঞ্জিন চালিত ব্যক্তিগত নাৱৰ চলাচলক লৈ উঠা প্ৰশ্ন সন্দৰ্ভত তদন্তৰ পিছতে সকলো তথ্য পোহৰলৈ আহিব বুলি জানিবলৈ দিয়ে পৰিবহণ মন্ত্ৰীগৰাকীয়ে।

শেহতীয়া বাতৰি