‘মোক ঘোচ নালাগে, চাহ খোৱা খৰচ দিলেই হ'ব’

News18 Assam | News18-Assam
Updated:January 30, 2020, 10:29 AM IST
‘মোক ঘোচ নালাগে, চাহ খোৱা খৰচ দিলেই হ'ব’
বিষয়াজনে উৎকোচ লোৱাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে।

বিষয়াজনে উৎকোচ লোৱাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে।

  • Share this:
"মই ঘোচ খোৱা নাই, চাহ খাবলৈহে টকা লৈছো" – এই মন্তব্য চৌকত আলম নামৰ এজন নিম্নবৰ্গৰ সহায়কৰ। অনুসূচিত জাতিৰ দুখীয়া পৰিয়ালৰ বাবে চৰকাৰে প্ৰদান কৰা বিনামূলীয়া টিনপাট বিতৰণৰ নামত প্ৰতিটো দুখীয়া পৰিয়ালৰ পৰা এইদৰে ধন সংগ্ৰহ কৰিলে সমাজ কল্যাণ বিভাগৰ চৰকাৰী বিষয়াই। কিন্তু দিন-দুপৰতে নগাঁও গড়কাপ্টানী বিভাগৰ কাৰ্যালয়ৰ চৌহদত ধন সংগ্ৰহ কৰাৰ দৃশ্য মোবাইল ফোনত আৱদ্ধ হোৱাৰ পিছত বিষয়াজনৰ মন্তব্য – তেওঁ হেনো ঘোচ লোৱা নাই, চাহ খাবলৈহে সকলোৰে পৰা ধন সংগ্ৰহ কৰিছে। ইতিমধ্যে বিষয়াজনে উৎকোচ লোৱাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি