যোৰহাটলৈ অশনি সংকট! শীঘ্ৰে বৃহৎ আঁচনিৰ হাতত নললে ব্ৰহ্মপুত্ৰত জাহ যাব নিমাতী ঘাট

News18 Assam | News18-Assam
Updated:August 2, 2020, 2:46 PM IST
যোৰহাটলৈ অশনি সংকট! শীঘ্ৰে বৃহৎ আঁচনিৰ হাতত নললে ব্ৰহ্মপুত্ৰত জাহ যাব নিমাতী ঘাট
চৰকাৰে যদিহে শীঘ্ৰে যোৰহাটৰ নিমাতীঘাটত ব্ৰহ্মপুত্ৰৰ খহনীয়া স্থায়ী ভাৱে প্ৰতিৰোধ কৰিব পৰাকৈ এখন বৃহৎ আঁচনি হাতত নলয় তেন্তে অচিৰেই বৰ্তমানৰ নিমাতিঘাটটো ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ লগতে যোৰহাটৰ বৃহৎ অঞ্চলত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাটো নিশ্চিত।

চৰকাৰে যদিহে শীঘ্ৰে যোৰহাটৰ নিমাতীঘাটত ব্ৰহ্মপুত্ৰৰ খহনীয়া স্থায়ী ভাৱে প্ৰতিৰোধ কৰিব পৰাকৈ এখন বৃহৎ আঁচনি হাতত নলয় তেন্তে অচিৰেই বৰ্তমানৰ নিমাতিঘাটটো ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ লগতে যোৰহাটৰ বৃহৎ অঞ্চলত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাটো নিশ্চিত।

  • Share this:
চৰকাৰে যদিহে শীঘ্ৰে যোৰহাটৰ নিমাতীঘাটত ব্ৰহ্মপুত্ৰৰ খহনীয়া স্থায়ী ভাৱে প্ৰতিৰোধ কৰিব পৰাকৈ এখন বৃহৎ আঁচনি হাতত নলয় তেন্তে অচিৰেই বৰ্তমানৰ নিমাতিঘাটটো ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ লগতে যোৰহাটৰ বৃহৎ অঞ্চলত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাটো নিশ্চিত। দীৰ্ঘদিন ধৰি গৰাখহনীয়া প্ৰতিৰোধৰ কামত নিয়োজিত ঠিকাদাৰসকলেই নিমাতীঘাটৰ বৰ্তমানৰ পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে।

বিগত কেইবাটাও দশক ধৰি কেৱল ভয়াৱহ গৰাখহনীয়াৰ বাবেই সংবাদ শিৰোণাম দখল কৰি আহিছে যোৰহাটৰ নিমাতিঘাটে। বৰ্তমানলৈকে চৰকাৰৰ জলসম্পদ বিভাগে বিগত বছৰসমূহত নিমাতীৰ সুৰক্ষাৰ বাবে বহু কোটি টকা ব্যয় কৰিলে। কিন্তু তাৰ বিপৰীতে ব্ৰহ্মপুত্ৰত জাহ গ’ল নিমাতিঘাটৰ ২-৩ কিলোমিটাৰ জোৰা বৃহৎ অঞ্চল। বৰ্তমানো এই সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। যোৱা ২৪ জুলাইৰ পৰা আৰম্ভ হোৱা খহনীয়াত নিমাতীৰ কমলাবাৰী ঘাটৰ সমীপত ৰূপায়ণ কৰা জিঅ'বেগ প্ৰটেকশ্যন আঁচনিখনৰ প্ৰায় ৫০ মিটাৰ অংশৰ জিঅ'বেগসমূহ ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত খহি যায়। অৱশ্যে তাৎক্ষণিক ভাৱে উক্ত অংশত পুনৰ জিঅ'বেগ পেলাই আৰম্ভ কৰা খহনীয়া প্ৰতিৰোধৰ কাম অব্যাহত আছে ।



কিন্তু বৰ্তমান প্ৰশ্ন উঠিছে যে চৰকাৰে সৰু সৰু আঁচনি গ্ৰহণ কৰি এনেদৰে আৰু কিমান দিনলৈ নিমাতীঘাটক সুৰক্ষিত কৰিব পাৰিব? বছৰ বছৰ ধৰি নিমাতীৰ সুৰক্ষাৰ নামত একেধৰণৰ আঁচনিসমূহকে পুনৰাবৃত্তি কৰি অহা হৈছে। নিমাতীত খহনীয়া প্ৰতিৰোধৰ কামত দীৰ্ঘদিন ধৰি জড়িত ঠিকাদাৰসকলেও অনুভৱ কৰিছে  নিমাতীঘাটৰ এই ভয়ংকৰ পৰিস্থিতিৰ কথা ।

" কমলাবাৰী ঘাটৰ সমীপত ব্ৰহ্মপুত্ৰৰ সোঁতৰ প্ৰাবল্য বহু বেছি। যোৱা বছৰ খহনীয়া প্ৰতিৰোধৰ বাবে দিয়া বহু জিঅ'বেগ পানীৰ সোতত খহি গল। এনেধৰণৰ সৰু সৰু আঁচনিসমূহ ৰূপায়ণ কৰি নিমাতীৰ এই ভয়ংকৰ সমস্যাটো সমাধান কৰাটো সম্ভৱ নহয়। ৰাইজে আমাক সন্দেহৰ চকুৰে চায়। এখন বিজ্ঞানসন্মত বৃহৎ আঁচনিৰ জৰিয়তেহে নিমাতীঘাটৰ সুৰক্ষা সম্ভৱ। ", দীৰ্ঘদিন ধৰি গৰাখহনীয়াৰ প্ৰতিৰোধ আঁচনিৰে জড়িত ঠিকাদাৰ সোমেশ্বৰ দাসে এনেদৰে কয়।
Published by: Himangshu Bhuyan
First published: August 2, 2020, 2:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading