শুকুৰবাৰে বটদ্ৰৱাত বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভণি কৰে সাংসদ গগৈয়ে
শুকুৰবাৰে বটদ্ৰৱাত বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভণি কৰে সাংসদ গগৈয়ে
স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কিছু দিন জিৰণী লোৱাৰ লগতে উচ্চ ৰক্তচাপ পৰীক্ষা কৰিবলৈ আহ্বান জনালে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে। দুদিনমান পূৰ্বে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিৰোধীক আগন্তুক বিধানসভা নিৰ্বাচনত গ'ল দিয়া হ’ব বুলি কৰা কটাক্ষৰ এনেদৰে প্ৰত্যুত্তৰ দিয়ে গৌৰৱ গগৈয়ে।
বটদ্ৰৱা সমষ্টিৰ বিভিন্ন স্থানত উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জিৰণী লোৱাৰ পৰামৰ্শ দিয়ে সাংসদ গৌৰৱ গগৈয়ে। ২০১৯- ২০ বৰ্ষৰ সাংসদ পুঁজিৰ অধীনত সাৰ্বজনীন গৰখীয়া থানৰ ৰাজহুৱা ভৱনৰ আধাৰশিলা, কাকমাৰীৰ এলেঙ্গী সত্ৰৰ উন্নয়ন মুলক কাম, হাতীচোং মহাবিদ্যালয়, আইভেটীৰ শিৱ মন্দিৰ আৰু বটদ্ৰৱাৰ হাতীবহা আৱাসগৃহ মুকলি কৰে সাংসদ গৌৰৱ গগৈয়ে। লগত উপস্থিত থাকে প্ৰাক্তন শিক্ষামন্ত্ৰী তথা বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক গৌতম বৰা।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|