কোৰোণাৰ ভয়াৱহতাৰ মাজতে ৰাজ্যবাসীয়ে আদৰিছে হেঁপাহৰ ৰঙালী বিহুক। আজি গৰু বিহু। গো-ধনক নোৱাই-ধুৱাই শ্ৰীবৃদ্ধিৰ কামনা ৰাজ্যবাসীৰ। ৰাজ্যৰ প্ৰতিখন গাঁৱতে দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ। টীয়কতো গৰু বিহুৰ ব্যাপক আয়োজন। টীয়কত গোধনৰ শ্ৰীবৃদ্ধি কামনাৰে মাহ হালধীৰে নোৱাই-ধুৱাই জাঁজীনদীত গৰু গা ধোৱালে ৰাইজে।
বাপতি সাহোন বিহু এইবাৰ পিছে পূৰ্বৰ উছাহেৰে পালন কৰিব পৰা নাই অসমীয়াই ৷ কোৰোণা ভাইৰাছৰ দ্বিতীয় ঢৌৱে ঠায়ে ঠায়ে ম্লান কৰিছে ৰঙালীৰ আনন্দ।
বিজ্ঞাপন
গৰু বিহুৰ দিনটোত পৰম্পৰা অনুসৰি, দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই গৰুৰ দীৰ্ঘায়ু আৰু নশক্তি কামনা কৰে। সন্ধিয়া গৰুক আদৰ-সাদৰেৰে গোহালিলৈ অনা হয়৷ পিছত নতুন পঘাৰে গৰুক বন্ধাৰ উপৰিও গোহালি আৰু পদূলিত মৰলীয়া বন, অগৰু বন আৰু তুঁহৰ জাগ দি মাখিয়তী গছৰ পাত তথা ন-বিছনীৰে বিচি দি পিঠা-পনা খুওৱা হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
- First Published :