দেশৰ বিশিষ্ট স্বাধীনতা সংগ্ৰামী, ৰাজনীতিবিদ লোকপ্ৰিয় গোপীনাথ বৰদলৈক মৃত্যু তিথিৰ দিনা শ্ৰদ্ধাৰে সোঁৱৰিছে সকলোৱে
আজি অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ মৃত্যু দিৱস। সমগ্ৰ জীৱন দেশ জাতিৰ বাবে আহো পুৰুষাৰ্থ কৰা দেশৰ বিশিষ্ট সমাজ সেৱক জনৰ মৃত্যু তিথিত সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰিছে। ১৮৯০ চনত ৰহাত জন্মগ্ৰহণ কৰা গোপীনাথ বৰদলৈ সৰুৰে পৰাই আছিল সমাজ সেৱাৰ প্ৰতি আগ্ৰহী। কটন মহাবিদ্যালয় আৰু পৰৱৰ্তী সময়ত কলিকতা বিশ্ব বিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰা বৰদলৈ ১৯২১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে জড়িত হৈ পৰে। ব্ৰিটিছৰ বিৰুদ্ধে অসহযোগ আন্দোলনত কৰি জেল খাটিব লগীয়াও হৈছিল গোপীনাথ বৰদলৈয়ে।
ভাৰতবৰ্ষই স্বাধাীনতা লাভ কৰাৰ পিছত, গোপীনাথ বৰদলৈয়ে চৰদাৰ বল্লভ ভাই পেটেলৰ সহযোগত অসমক ভাৰতবৰ্ষৰ অংগ ৰাজ্য হিচাপে অক্ষত ৰখাত প্ৰদান ভুমিকা পালন কৰিছিল। সেইদৰে গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা, উচ্চ ন্যায়ালয় স্থাপন, অসম মেডিকেল কলেজ নিৰ্মাণত গোপীনাথ বৰদলৈয়ে লৈছিল গুৰুত্বপূৰ্ণ ভূমিকা ।
১৯৫০ চনত দেশৰ এইজন মহান ৰাজনীতি বিদ, স্বাধীনতা সংগ্ৰামীয়ে চিৰ কালৰ বাবে চকু মুদে। ১৯৯৯ চনত দেশৰ তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ চৰকাৰে মৰনোত্তৰ ভাবে গোপীনাথ বৰদলৈক ভাৰত–ৰত্ন সন্মান প্ৰদান কৰে। যদিও গোপীনাথ বৰদলৈ কায়িক ভাবে আমাৰ মাজৰ পৰা আতঁৰি গ’ল, তথাপিও তেখেতে ৰাজ্যখনৰ উন্নয়নৰ বাবে লোৱা প্ৰতিটো পদক্ষেপ, কৰ্মৰাজীক যুগ যুগান্তলৈকে স্মৰণ কৰিব অসম বাসীয়ে। গোপীনাথ বৰদলৈৰ মৃত্যু তিথিত আজি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে তেখেতলৈ জনাইছে গভীৰ শ্ৰদ্ধাঞ্জলী!
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|