মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Story Of Gopal Nag : অভিশপ্ত জীৱনকো অসাধাৰণ কৰি তোলা এজন যুৱক। অদম্য জীৱন ক্ষুধাৰ অন্য নাম গোপাল নাগ।

Story Of Gopal Nag : অভিশপ্ত জীৱনকো অসাধাৰণ কৰি তোলা এজন যুৱক। অদম্য জীৱন ক্ষুধাৰ অন্য নাম গোপাল নাগ।

News18 Assam | News18-Assam
Updated:June 26, 2021, 12:36 AM IST
Story Of Gopal Nag : অভিশপ্ত জীৱনকো অসাধাৰণ কৰি তোলা এজন যুৱক। অদম্য জীৱন ক্ষুধাৰ অন্য নাম গোপাল নাগ।
গোপাল নাগৰ দৰে কৃষকক আজিলৈ কিয় স্পৰ্শ কৰা নাই অসম চৰকাৰৰ কৃষি বিভাগৰ কোনো আঁচনিয়ে? প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধী আঁচনিৰ বাবেও আজিলৈ তালিকাভুক্ত নহ’ল গোপাল নাগৰ নাম।

গোপাল নাগৰ দৰে কৃষকক আজিলৈ কিয় স্পৰ্শ কৰা নাই অসম চৰকাৰৰ কৃষি বিভাগৰ কোনো আঁচনিয়ে? প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধী আঁচনিৰ বাবেও আজিলৈ তালিকাভুক্ত নহ’ল গোপাল নাগৰ নাম।

  • Share this:
সপোন দেখা, জীৱন যুদ্ধত হাৰ নমনাসকলেই এগৰাকী প্ৰকৃত যোদ্ধা। দুয়োখন ভৰি নথকাৰ পিছতো জীৱন সংগ্ৰামত থমকি ৰোৱা নাই এজন যুৱক। দুয়োখন ভৰি অবিহনেই চুচৰি চুচৰি বছৰৰ ১২ মাহেই বিভিন্ন কৃষি কৰ্ম কৰি অসাধ্য সাধন কৰি স্বাৱলম্বিতাৰ চমকপ্ৰদ উদাহৰণ ডাঙি ধৰিছে গহপুৰৰ হেলেমৰ চন্দামাৰী বঙালী গাঁৱৰ ৩২ বছৰীয়া কৃষক গোপাল নাগে।

দাৰিদ্ৰতাই জুৰুলা কৰা গোপাল নাগৰ পৰিয়ালটোৰ পিতৃ-মাতৃ আৰু ভাতৃ-ভগ্নীক পোহপাল দিয়াৰ বাবে ২০১২ চনত বাংগালুৰুৰ এটা ব্যক্তিগত কোম্পানীত যোগদান কৰিছিল। মাহেকত লাভ কৰা ১০/১২ হাজাৰ টকাৰ ভিতৰত নিজলৈ তিনি হাজাৰমান ৰাখি বাকী টকা ঘৰলৈ পঠিয়াইছিল। সেই টকাৰে গোপাল নাগৰ ঘৰখন চলি আছিল।

কিন্তু গোপাল নাগৰ জীৱনলৈ ২০১৪ চনৰ ১৫ জুনৰ অভিশপ্ত দিনটোত নামি আহিল এজাক কাল-ধুমুহা। ঘৰলৈ আহি এসপ্তাহ মান থকাৰ পিছত ২০১৪ চনৰ ১৫ জুনত কৰ্মস্থলী বাংগালুৰুলৈ বুলি উভতি গৈছিল গোপাল নাগ। ঘৰৰ পৰা গুৱাহাটী ৰে'ল ষ্টেচনলৈ গৈ তকা সময়তে যোৰাবাটৰ সমীপত এক ভয়াৱহ মটৰ দুৰ্ঘটনাত চিৰদিনলৈ নিজৰ দুয়োখন হেৰুৱায় গোপাল নাগে। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত অস্ত্ৰোপচাৰ কৰি  ছিন্ন-ভিন্ন হৈ পৰা দুয়োখন ভৰি আঠুৰ ওপৰতে কাটি পেলায় চিকিৎসকে।

দুৰ্ঘটনাটোৰ পাছতেই হুইল চেয়াৰেই হৈ পৰিছিল গোপাৱ নাগৰ জীৱন। কিন্তু তিনিবছৰমান পিছত ঘৰতে কৃষি কৰ্ম কৰি আৰ্থিক উপাৰ্জনৰ কথা চিন্তা কৰে প্ৰবল আত্মবিশ্বাসী আৰু অত্যন্ত সাহসী মনৰ যুৱক গোপাল নাগে।

২০১৭ চনৰ পৰা ঘৰৰ পিছফালৰ প্ৰায় ৩/৪ বিঘা মাটিত বিভিন্ন খেতি কৰিবলৈ আৰম্ভ কৰে গোপালে। জলকীয়া, বেঙেনা, জিকা, আলু, লেছেৰা, কবি, ভেণ্ডী, লাউ, তিতা কেৰেলা, হালধী আদিৰ খেতি কৰি সফল হোৱাৰ পিছত চাহ খেতি কৰিবলৈ আৰম্ভ কৰে। প্ৰতিটো খেতিৰ বাবে চুচৰি চুচুৰী কোৰ মৰা, নিৰনি কৰা, সাৰ দিয়া, পাচলি ছিঙা দৃশ্যসমূহে হৃদয় চুই যাব সকলোৰে। ২ বিঘা মাটিত চাহ খেতি কৰা গোপালে নিজেই পাত তোলে চাহগছৰ।

এইবাৰ তেওঁ ধানখেতি কৰাৰ বাবেও প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ধান খেতিৰ বাবে নিজেই কঠীয়া তলি প্ৰস্তুত কৰি কঠিয়া সিচাৰ লগতে পথাৰত আলি দিয়া কামো নিজেই কৰিছে।অৱশ্যে মাটি চহোৱাৰ বাবে ট্ৰেক্টৰ লগাইছে গোপালে। তদুপৰি এইবাৰ তেওঁ ২০ হাজাৰ চাহ পুলিৰ এখন নাৰ্ছাৰী বনাবলৈ প্ৰস্তুতি চলাইছে। তেওঁ জানিবলৈ দিয়া মতে ২০ হাজাৰ চাহপুলি বনাবলৈ তেওঁ নিজেই পলিথিনৰ বেগত মাটি ভৰাব।

কিন্তু, দুৰ্ভাগ্যৰ কথা এয়ে যে গোপাল নাগক আজিলৈকে স্পৰ্শ কৰা নাই অসম চৰকাৰৰ কৃষি বিভাগৰ কোনো আঁচনিয়ে। আনহে নালাগে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধী আঁচনিৰ বাবেও আজিলৈ তালিকাভুক্ত নহ’ল গোপাল নাগৰ নাম।
Published by: Manjumoni Borah
First published: June 26, 2021, 12:36 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি