உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • সাৱধান এইবাৰ চোৰৰ চকু নৱজাতক শিশু! চিকিৎসালয়ৰ ICUৰ পৰা কেঁচুৱা চুৰিৰ চেষ্টা দুৰ্বৃত্তৰ

    সাৱধান এইবাৰ চোৰৰ চকু নৱজাতক শিশু! চিকিৎসালয়ৰ ICUৰ পৰা কেঁচুৱা চুৰিৰ চেষ্টা দুৰ্বৃত্তৰ

    চিকিৎসালয়ৰ বেবী আই চি ইউৰ পৰা কেচুৱা চুৰি কৰি নিবলৈ চেষ্টা দুৰ্বৃত্তৰ

    চিকিৎসালয়ৰ বেবী আই চি ইউৰ পৰা কেচুৱা চুৰি কৰি নিবলৈ চেষ্টা দুৰ্বৃত্তৰ

    চিকিৎসালয়ৰ বেবী আই চি ইউৰ পৰা কেচুৱা চুৰি কৰি নিবলৈ চেষ্টা দুৰ্বৃত্তৰ

    • Share this:
      বুধবাৰে নিশা গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ । চিকিৎসালয় খনৰ বেবী আই চি ইউৰ পৰা কেচুৱা চুৰি কৰি নিবলৈ চেষ্টা কৰা এটা দুৰ্বৃত্তক হাতে লুটে ধৰা পেলাই চিকিৎসালয় খনত থকা একাংশ লোকে। চিকিৎসালয় খনৰ বেবী আই চি ইউৰ সংলগ্ন এটা কোঠাত প্ৰৱেশ কৰি ভিতৰৰ পৰা দৰ্জা বন্ধ কৰি সোমাই আছিল দুৰ্বৃত্তটো । এগৰাকী নাৰ্চে কেচুৱাৰ ঔষধ দিবলৈ ভিতৰত প্ৰৱেশ কৰিবলৈ লওতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা, পিছত উপস্থিত একাংশৰ সহযোগত লম্পটতোক ৰোগীৰ অভিভাৱকে ধৰি চমজাই দিলে আৰক্ষীক।



      এনেদৰে কেচুৱা চুৰ কৰিবলৈ অহা লম্পটতোৰ নাম দেৰগাঁৱৰ প্ৰদীপ দলে বুলি চিনাক্ত কৰা হৈছে।দুৰ্বৃত্ত প্ৰদীপ দলেৰ সৈতে আৰু কেইবাটাও দুৰ্বৃত্ত থকাৰ সন্দেহ । ইতিমধ্যে আৰক্ষীয়ে জেৰা চলাই আছে লোকজনক। এনেদৰে চিকিৎসালয়ৰ পৰা  নৱজাতক চুৰ কৰিবলৈ অহা ঘটনাই এতিয়া চৌদিশে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।
      First published: