বৰ্তমান গুগল ট্ৰেন্সলেট টুলত থকা ভাৰতীয় ভাষা হ'লগৈ ১৯টা।
বৰ্তমান গুগল ট্ৰেন্সলেট টুলত থকা ভাৰতীয় ভাষা হ'লগৈ ১৯টা।
অসমীয়া ভাষাই পালে অন্য এক মাত্ৰা। বৃহস্পতিবাৰে গুগলে ঘোষণা কৰে যে অসমীয়া ভাষাক গুগল ট্ৰান্সলেট টুলত অন্তৰ্ভুক্ত কৰা হ'ব। গুগলে ঘোষণা কৰা মতে অসমীয়াৰ লগতে নতুনকৈ যোগ কৰা ভাষাবোৰৰ ভিতৰত আছে সংস্কৃত, মিজো আৰু মেইটেইলন (মণিপুৰী)। গুগলে গুগল ট্ৰান্সলেট (Google Translate) টুলত নতুনকৈ অন্তৰ্ভুক্ত কৰিবলগীয়া বিশ্বৰ ২৪টা নতুন ভাষাৰ লগতে আছে অসমীয়া ভাষাও।
গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইৰ মতে, নতুনকৈ যোগ দিয়া এই ২৪টা ভাষা সমগ্ৰ বিশ্বৰ ৩০০ নিযুতৰো অধিক লোকে কয়। উত্তৰ-পূব ভাৰতৰ ২৭.৮ নিযুতৰো অধিক লোকে অসমীয়া, মিজো আৰু মেইটেইলন ভাষা ব্যৱহাৰ কৰে। ইয়াৰে ২৫ নিযুত ব্যৱহাৰকাৰীয়েই অসমীয়া ভাষাৰ (Google Translate Adds Assamese)।
অসমীয়া, সংস্কৃত, ভোজপুৰীকে ধৰি আঠটা ভাৰতীয় ভাষাই ইয়াত স্থান লাভ কৰিছে। নতুনকৈ সাতটা ভাষা অন্তৰ্ভূক্ত কৰাৰ পিছত বৰ্তমান গুগল ট্ৰেন্সলেট টুলত থকা ভাৰতীয় ভাষা হ'লগৈ ১৯টা। এই ১৯টা ভাষাৰ মাজত অসমীয়া ভাষাই স্থান পোৱাটো নিশ্চিতভাৱে ৰাজ্যখনৰ বাবে গৌৰৱৰ খবৰ। উল্লেখ্য, গুগলৰ এই ঘোষণাৰ পিছত ইয়াৰ ট্ৰান্সলেট টুলত মুঠ ভাষাৰ সংখ্যা ১৩৩টালৈ বৃদ্ধি পাব।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|