সোমবাৰে বঙাইগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এইদৰে ৰাহি হোৱা ভেকচিনৰ সহায়ত অতিৰিক্ত ১৩০ জনকৈ লোকক ভেকচিন প্ৰদান কৰা হয়৷
সোমবাৰে বঙাইগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এইদৰে ৰাহি হোৱা ভেকচিনৰ সহায়ত অতিৰিক্ত ১৩০ জনকৈ লোকক ভেকচিন প্ৰদান কৰা হয়৷
ৰাজ্যজুৰি কোভিড মহামাৰীৰ ভেকচিনৰ নাটনি চলি থকাৰ সময়তে বঙাইগাঁৱৰ স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ সাধাৰণ লোকক ভেকচিন প্ৰদানৰ পিছত অৱশিষ্ট অকণো নষ্ট নকৰাকৈ অতিৰিক্ত লোকক ভেকচিন যোগান ধৰি অন্য এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে৷
উল্লেখযোগ্য যে চৰকাৰীভাৱে যোগান ধৰা ৫ এম এলৰ প্ৰতিটো ভাইল(vial)ৰ জৰিয়তে দহজন ব্যক্তিক ভেকচিন প্ৰদান কৰা হয়৷ ইয়াৰ পিছতো কিছু ভেকচিন ভাইলত থাকি যায় যদিও সেইখিনি নষ্ট কৰি পেলোৱা হয়৷ প্ৰতিজনৰ বাবে .২ এমএলৰ পৰা .৩ এমএল ভেকচিনহে খৰচ হোৱাৰ ফলত দহজন ব্যক্তিক ভেকচিন প্ৰদান কৰাৰ পিছতো অতিৰিক্ত পৰিমাণৰ ভেকচিন ভাইলত ৰৈ যায়৷ এই কথা উপলব্ধি কৰি বঙাইগাঁও জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে অৱশিষ্ট ভেকচিনৰ সদব্যৱহাৰ কৰি অতিৰিক্ত লোকক ভেকচিন যোগান ধৰাৰ বাবে পদক্ষেপ হাতত লৈছে৷
সোমবাৰে বঙাইগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এইদৰে ৰাহি হোৱা ভেকচিনৰ সহায়ত অতিৰিক্ত ১৩০ জনকৈ লোকক ভেকচিন প্ৰদান কৰা হয়৷ এই কাৰ্যসূচীত জিলা উপায়ুক্ত ডা° এম এছ লক্ষ্মীপ্ৰিয়া আৰু বিধায়ক ফণীভূষণ চৌধুৰীয়ে ভেকচিনৰ অপচয় ৰোধ কৰি অতিৰিক্ত লোকক যোগান ধৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপক শলাগ লয়৷ বঙাইগাঁৱৰ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ভেকচিনৰ সদব্যৱহাৰৰ এই পদ্ধতিক ইতিমধ্যে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তয়ো শলাগ লোৱাৰ লগতে বাকী জিলাসমূহতো ইয়াক কাৰ্যকৰীকৰণৰ পদক্ষেপ লোৱাৰ বাবে প্ৰস্তুতি চলাই আছে বুলি বিধায়ক চৌধুৰীয়ে জানিব দিছে ৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|