দুবছৰ দিন ধৰি বন্ধ হৈ থকা অন্ত:ৰাষ্ট্ৰীয় বিমান সেৱা পুনৰ মুকলি হ'ব লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা। গুৱাহাটীৰ পৰা শীঘ্ৰে পোনপটীয়াকৈ আৰম্ভ হ'ব অন্ত:ৰাষ্ট্ৰীয় বিমান সেৱা। উড়ান আঁচনিৰ অন্তৰ্গত ছয়টাকৈ অন্ত:ৰাষ্ট্ৰীয় পথেৰে বিমান সেৱা আৰম্ভ কৰাৰ পদক্ষেপ হাতত লৈছে ৰাজ্য চৰকাৰে।
অতিৰিক্ত ধন ব্যায় নকৰাকৈ গুৱাহাটী পৰা চিংগাপুৰ, বেংকক, কুৱালালামপুৰ, কাঠমাণ্ডু, Yangon আৰু ঢাকালৈ চলিব বিমান সেৱা। পূৰ্বে গুৱাহাটীৰ পৰা কোনো লোক বিদেশলৈ যাবলৈ দিল্লী বা দেশৰ আন প্ৰান্তৰ পৰা যাবলগীয়া হৈছিল। কিন্তু এতিয়াৰ পৰা গুৱাহাটীৰ পৰাই ৰাজ্যৰ কোনো লোক বিদেশলৈ বিমানেৰে যাব পাৰিব। উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ উড়ান আঁচনিৰ অন্তৰ্গত অন্ত:ৰাষ্ট্ৰীয় বিমানত যাত্ৰীৰ আসনৰ সংখ্যা কম থাকিলে বা আসন খালী হৈ থাকিলে, সেই বিমান সমূহে লাভ কৰিব ৰাজ সাহায্য।লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবান্দৰৰ পূৰ্বে ২০১৯ বৰ্ষৰ পৰা আৰম্ভ হৈছিল অন্ত:ৰাষ্ট্ৰীয় বিমান সেৱা। কিন্তু কিছুদিন চলাৰ পিছত লকডাউন আৰু অন্যান্য কাৰণত বন্ধ হৈ গৈছিল এই সেৱা।