অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ বাবে বিভিন্ন সা-সুবিধাসমূহ লাভ কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। দেশৰ অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ এটি ৰাষ্ট্ৰীয় ডাটাবেছ প্ৰস্তুত কৰি থকা হৈছে। ইয়াৰ জৰিয়তে ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ অধীনত ৰাষ্ট্ৰীয় e-SHRAM পৰ্টেলৰ জৰিয়তে অসংগঠিত খণ্ডৰ শ্ৰমিকৰ সামাজিক সুৰক্ষা আইন , ২০০৮ ৰ অধীনত সুবিধাসমূহ পোৱাত সহায় হ'ব।
এই পঞ্জীয়নৰ জৰিয়তে অসংগঠিত খণ্ডৰ শ্ৰমিকসকল, যেনে– নিৰ্মাণ শ্ৰমিক , ক্ষুদ্ৰ ব্যৱসায়ী , দৈনিক হাজিৰা কৰা শ্ৰমিক, কৃষি খণ্ডৰ লগত জড়িত শ্ৰমিক, পৰিবহণ শ্ৰমিক , ব্যৱসায় প্ৰতিষ্ঠানত কৰ্মৰত শ্ৰমিক , এমজি এনৰেগা শ্ৰমিক, মাছমৰীয়া, আশাকৰ্মী, অংগনৱাড়ী কৰ্মীকে ধৰি অন্যান্য সকলো অসংগঠিত খণ্ডৰ শ্ৰমিকসকল উপকৃত হ'ব ।
শ্ৰমিকসকলে পঞ্জীয়নৰ বাবে নিকটৱৰ্তী CSCৰ যোগেদি পঞ্জীয়ন কৰিব পাৰিব বা www.eshram.gov.inত স্ব-পঞ্জীয়ন পদ্ধতিৰে সমগ্ৰ দেশতে স্বীকৃতিপ্ৰাপ্ত ই-শ্ৰম কাৰ্ড লাভ কৰিব পাৰিব। পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় নথিসমূহ হ'ল আধাৰ কাৰ্ড , আধাৰৰ লগত সংযুক্ত মোবাইল নম্বৰ আৰু বেংক পাছবুক। বয়স ন্যূনতম ১৬ বছৰৰ পৰা ৫৯ বছৰ হ'ব লাগিব। যিসকল শ্ৰমিকৰ আধাৰৰ লগত সংযুক্ত মোবাইল নম্বৰ নাই, তেওঁলোকে CSCৰ বায়'মেট্ৰিকৰ জৰিয়তে পঞ্জীয়ন কৰাব পাৰিব।
যোৰহাট জিলাত বৰ্তমান সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয় , পঞ্চায়ত কাৰ্যালয়সমূহ, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়সমূহৰ উপৰি বিভিন্ন ৰাজহুৱা খণ্ডত থকা CSCসমূহৰ জৰিয়তে ই-শ্ৰম পঞ্জীয়ন হৈ আছে । যোৰহাট জিলাৰ সহকাৰী শ্ৰম আয়ুক্তই ইচ্ছুক ব্যক্তিসকলক শীঘ্ৰে নাম পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।