• Home
  • »
  • News
  • »
  • assam
  • »
  • নিবনুৱাসকলৰ বাবে ভাল খবৰ! শীঘ্ৰে আহি আছে চাকৰিৰ নতুন সুযোগ

নিবনুৱাসকলৰ বাবে ভাল খবৰ! শীঘ্ৰে আহি আছে চাকৰিৰ নতুন সুযোগ

নিবনুৱা সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণৰ বাবে চৰকাৰে পুনৰ এখোজ আগুৱাবলৈ যো-জা চলাইছে

নিবনুৱা সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণৰ বাবে চৰকাৰে পুনৰ এখোজ আগুৱাবলৈ যো-জা চলাইছে

নিবনুৱা সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণৰ বাবে চৰকাৰে পুনৰ এখোজ আগুৱাবলৈ যো-জা চলাইছে

  • Share this:
ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলৰ সুখবৰ। নিবনুৱা সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণৰ বাবে চৰকাৰে পুনৰ এখোজ আগুৱাবলৈ যো-জা চলাইছে। এই উদ্দেশ্যে তৃতীয় অসম বন সুৰক্ষা বেটেলিয়ন উন্নীতকৰণ আৰু অসম আৰক্ষীত নিযুক্তিৰ পদক্ষেপসমূহৰ পৰ্যালোচনা কৰিবলৈ শুক্ৰবাৰে জনতা ভৱনত এখন বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত বিষয়বস্তুৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয়। এইসমূহৰ ভিতৰত আগন্তুক ৩১ ডিচেম্বৰৰ ভিতৰত তৃতীয় অসম বন সুৰক্ষা বেটেলিয়ন পদৰ সৃষ্টি আৰু নিযুক্তি প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰে। ইয়াৰ লগতে বৰ্তমান বিভিন্ন পৰ্যায়ত থকা গৃহ বিভাগৰ ২,০৯৫টা খালী পদৰ নিযুক্তি ত্বৰান্বিত কৰাৰ দিশত গুৰুত্ব প্ৰদান কৰা হয়।

বৈঠকত মুখ্যমন্ত্ৰীৰ লগতে অতিৰিক্ত মুখ্য সচিব আৰ এছ প্ৰসাদ, অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, গৃহ বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মা, প্ৰধান মুখ্য বন সংৰক্ষক আৰু বন বাহিনীৰ মুৰব্বী এম কে যাদৱকে ধৰি অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি