ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ!

News18 Assam | News18-Assam
Updated:November 22, 2020, 6:55 PM IST
ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ!
একেদৰে শিক্ষকসকলৰ আর্জিত ছুটীও ২৪ দিনলৈ বৃদ্ধিৰ ব্যৱস্থা কৰা হৈছে৷

একেদৰে শিক্ষকসকলৰ আর্জিত ছুটীও ২৪ দিনলৈ বৃদ্ধিৰ ব্যৱস্থা কৰা হৈছে৷

  • Share this:
ৰাজ্যিক কর্মচাৰীসকলৰ বাবে এটা ভাল খবৰ৷ চৰকাৰে ফেব্রুৱাৰী মাহৰ পৰা ৰাজ্যিক কর্মচাৰী আৰু পেন্সনাৰসকলৰ বাবে বিনামূলীয়া স্বাস্থ্য সেৱা আঁচনি বলৱৎ কৰাৰ নির্দেশ দিছে৷ একেদৰে শিক্ষকসকলৰ আর্জিত ছুটীও ২৪ দিনলৈ বৃদ্ধিৰ ব্যৱস্থা কৰা হৈছে৷ সদৌ অসম কর্মচাৰী পৰিষদৰ কর্ণধাৰ সমিতিৰ সৈতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এখন বৈঠকত মিলিত হৈ এই সিদ্ধান্ত গ্রহণ কৰে।

পৰিষদে এক বিবৃতিযোগে প্ৰকাশ কৰে যে বিনামূলীয়া স্বাস্থ্য সেৱা আঁচনি ফেব্রুৱাৰীৰ পৰা বলৱৎ কৰাৰ বাবে বৈঠকত চৰকাৰে সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে৷ সেইদৰে এন পি এছ কর্মচাৰীৰ বাবে অৱসৰকালীন গ্রেছুইটী প্রদান, শিক্ষকৰ আর্জিত ছুটী ২৪ দিনলৈ বৃদ্ধি, ক্ষেত্র পর্যায়ৰ কর্মচাৰীয়ে পূর্বে লাভ কৰা ফিক্সড টি এ পুনৰ প্রৱর্তন,  সকলো বিভাগৰ সেৱা বিধি প্রৱর্তন, জিলা পর্যায়ৰ কার্যালয়ত মুখ্য সহায়ক পদ সৃষ্টি,  ঠিকা ভিত্তিত নিয়োজিত কর্মচাৰীসকলৰ ৬০ বছৰ বয়সলৈ চাকৰিৰ নিশ্চয়তা প্রদান, সকলো বিভাগৰ খালী পদ শীঘ্রে পূৰণ কৰা, সর্বশিক্ষাৰ অধীনত নিয়োজিত টেট শিক্ষকসকলৰ চাকৰিৰ নিশ্চয়তা প্রদান,  বিদ্যালয় প্রাদেশিকীকৰণৰ আসোঁৱাহ দূৰ কৰা, প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষকৰ পদ সৃষ্টি আৰু পূৰণৰ ক্ষেত্রত থকা জটিলতা আঁতৰ কৰা, কর্মচাৰীসকলক জানুৱাৰীৰ ভিতৰত খাদী বস্ত্র বিতৰণ আৰু ৱর্কচার্জ কর্মচাৰীৰ নিয়মীয়াকৰণৰ বিষয়টো বিত্ত বিভাগৰ দ্বাৰা পৰীক্ষা কৰা আদিৰ ক্ষেত্রত চৰকাৰৰ সঁহাৰি লাভ কৰা বুলি বিবৃতিটোত উল্লেখ৷
Published by: Sanjay Kumar Das
First published: November 22, 2020, 6:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading