কাগজ কল কৰ্মচাৰীৰ বাবে সুখবৰ, কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰিব নোৱাৰিব অসমৰ দুটা কাগজ কল

News18-Assam
Updated:May 29, 2019, 4:00 PM IST
কাগজ কল কৰ্মচাৰীৰ বাবে সুখবৰ, কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰিব নোৱাৰিব অসমৰ দুটা কাগজ কল
কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰিব নোৱাৰিব অসমৰ দুটা কাগজ কল। National Company Law Appellate Tribunal (NCLAT)ৰ গুৰুত্বপূৰ্ণ ৰায়দান।

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰিব নোৱাৰিব অসমৰ দুটা কাগজ কল। National Company Law Appellate Tribunal (NCLAT)ৰ গুৰুত্বপূৰ্ণ ৰায়দান।

  • Share this:
কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰিব নোৱাৰিব অসমৰ দুটা কাগজ কল। National Company Law Appellate Tribunal (NCLAT)ৰ গুৰুত্বপূৰ্ণ ৰায়দান। ২ মে’ৰ National Company Law Tribunalৰ নগাঁও আৰু কাছাৰ কাগজ কল নিলাম কৰাৰ নিৰ্দেশৰ প্ৰত্যাহ্বান জনাই NCLATৰ কাষ চাপিছিল Cachar Paper Project Worker Union । আজি NCLATৰ ন্যায়াধীশ এচ জে মুখোপাধ্যায়, এ আই এচ চিমা আৰু কান্থী নাৰাহৰিৰে গঠিত তিনিজনীয়া বিচাৰপীঠে শুনানি গ্ৰহণ কৰি কাগজ কল দুটা বন্ধ নকৰাৰ নির্দেশ জাৰি কৰে । লগতে NCLAT-এ কাগজ কল দুটাৰ বিষয়া আৰু কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত নকৰিবলৈ নিৰ্দেশ দি তেওঁলোকক অতি শীঘ্ৰেই কৰ্মক্ষেত্ৰত যোগদান কৰিবলৈ কয় ।

আনহাতে নিৰ্দেশ অনুসৰি নিলামী যদিও কৰা হয় তেন্তে বৰ্তমানৰ বিষয়া আৰু কৰ্মচাৰীসকলক লৈ হস্তান্তৰহে কৰিব পাৰিব। লগতে liquidator কূলদ্বীপ বাৰ্মাক কাগজ কল দুটাৰ পুনৰুদ্ধাৰ তথা বিষয়া আৰু কৰ্মচাৰীৰ পাবলগীয়া দৰমহা, ভাত্তা, বিধি সন্মত বকেয়া ধন বিচাৰি কেন্দ্ৰীয় চৰকাৰৰ কাষ চাপিবলৈ নিৰ্দেশ দিছে ।

উল্লেখযোগ্য যে গুৱাহাটীস্থিত দৃষ্টি ফাউণ্ডেচন নামৰ বেচৰকাৰী প্ৰতিষ্ঠানটোৱে কাগজ কলৰ বিষয়া-কৰ্মচাৰীক সকলো প্ৰকাৰৰ আইনী সহযোগ আগবঢ়াইছিল । দৃষ্টি ফাউণ্ডেচনৰ প্ৰচেষ্টাতে তেওঁলোক NCLT আৰু NCLATৰ কাষ চাপিছে ।

দিল্লীৰ পৰা পাৰ্থজ্যোতি বৰাৰ প্ৰতিবেদন।

 
First published: May 29, 2019, 4:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি