ৰাজ্যৰ মাষ্টাৰৰোল, কেজুৱেলছ কৰ্মচাৰীৰ বাবে ভাল খবৰ৷ ৩ শতাংশ বানচ বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ৷ সমান্তৰালকৈ শিক্ষা, ক্ৰীড়া, কাৰকৰী শিক্ষাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷
ৰাজ্যৰ প্ৰায় ১৪ হাজৰতকৈ অধিক মাষ্টাৰৰোল, কেজুৱেলছ কৰ্মচাৰীলৈ কেবিনেটে দিলে এই ভাল খবৰ। সোমবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত ৩ শতাংশ বছৰকীয়া বানচৰ দাবীক দিলে অনুমোদন৷
ইয়াৰ লগতে কেবিনেটত স্কীল ডেভলেপমেণ্ট ক্ষেত্ৰটো লোৱা হৈছে দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷ এতিয়াৰ পৰা সকলো কাৰিকৰী শিক্ষা এটা প্লেটফৰ্মৰ অধীনত হ’ব৷ য’ত পাঠ্যক্ৰম একে থাকিব লগতে পিপিপি মোডৰ সৈতে ব্যক্তিগত আৰু চৰকাৰী ITI নতুনকৈ বৃদ্ধি কৰা হ’ব৷
কেবিনেটত অসম আৰক্ষীৰ নন গেজেটেত বিষয়াসকলৰ বাবেও সুখবৰ৷ যিসকল বিষয়াই বোমা বিস্ফোৰণ তথা গুলীবিদ্ধ হৈছিল সেইসকলে এতিয়াৰ পৰা পোনে পোনে প্ৰি–প্ৰমোচন কেডাৰ প্ৰশিক্ষণৰ বাবে যাব পাৰিব৷
কেবিনেটত শিক্ষা বিভাগৰ ক্ষেত্ৰতো দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়৷ গুণোৎসৱত একেধাৰে দুবাৰকৈ A+ পোৱা বিদ্যালয়সমূহৰ ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি কৰা হ’ব নিয়মীয়া৷ আনহাতে, জৱহৰলাল নেহেৰু বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ আসন কৰাৰ ক্ষেত্ৰত লোৱা হৈছে সিদ্ধান্ত৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|