
বৰাক উপত্যকাৰ পাঁচগ্ৰামত থকা কাছাৰ কাগজ কলৰ বাবে আহিছে এটা ভাল খবৰ । ৰাজ্য চৰকাৰে আকৌ কাগজ কল কাৰ্যক্ষম কৰাৰ চিন্তা চৰ্চা আৰম্ভ কৰিছে । কাছাৰ কাগজ কল পৰিদৰ্শন মন্ত্ৰী বিমল বৰাৰ।
বৰাক উপত্যকাৰ পাঁচগ্ৰামত থকা কাছাৰ কাগজ কলৰ বাবে আহিছে এটা ভাল খবৰ । ৰাজ্য চৰকাৰে আকৌ কাগজ কল কাৰ্যক্ষম কৰাৰ চিন্তা চৰ্চা আৰম্ভ কৰিছে । কাছাৰ কাগজ কল পৰিদৰ্শন মন্ত্ৰী বিমল বৰাৰ।
বৰাক উপত্যকাৰ পাঁচগ্ৰামত থকা কাছাৰ কাগজ কলৰ বাবে আহিছে এটা ভাল খবৰ । ৰাজ্য চৰকাৰে আকৌ কাগজ কল কাৰ্যক্ষম কৰাৰ চিন্তা চৰ্চা আৰম্ভ কৰিছে ।
আজি কাছাৰ কাগজ কল পৰিদৰ্শনৰ পিছতে এই মন্তব্য আগবঢ়াই ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগৰ মন্ত্ৰী বিমল বৰাই । দুদিনীয়া বৰাক উপত্যকা ভ্ৰমণত অহা মন্ত্ৰীগৰাকী কালিৰ পৰা কৰিমগঞ্জ জিলাৰ বিভিন্ন বান বিধ্বস্ত অঞ্চল পৰিদৰ্শনৰ পিছতে আজি বিয়লি উপস্থিত হয় হাইলাকান্দি জিলাৰ পাঁচগ্ৰামত থকা কাছাৰ কাগজ কলত । বৰাক উপত্যকাৰ দলীয় আন বিধায়ক সহ হাইলাকান্দি জিলা প্ৰশাসনৰ বিষয়া সকলক লগতলৈ মন্ত্ৰী বিমল বৰাই ২০১৫ চনৰ পৰা বন্ধ থকা কাগজ কলটো পৰিদৰ্শন কৰে । পিছতে সংবাদ মাধ্যমৰ আগতে মন্তব্য আগবঢ়াই মন্ত্ৰী বৰাই কয়, ইতিমধ্যে ৰাজ্য চৰকাৰে কাগজ কলটোক কাৰ্যক্ষম কৰি তুলাৰ বাবে চিন্তা চৰ্চা আৰম্ভ কৰিছে । আৰু ইতিমধ্যেই বিভিন্ন বিশেষজ্ঞৰ সৈতেও আলোচনা কৰিছে ৰাজ্য চৰকাৰে । লগতে কাগজ কলৰ ৬৬ গৰাকী কৰ্মীক ইতিমধ্যে কৰ্মসংস্থাপন প্ৰদান কৰা হৈছে বুলিও জনায় মন্ত্ৰী বিমল বৰাই । ইপিনে, কাগজ কলৰ কৰ্মচাৰী ইউনিয়নৰ পৰা মন্ত্ৰী বিমল বৰাক এই পুনৰ সংস্থাপনত চলা কিছু জটিলতা সম্পৰ্কে অৱগত কৰোৱা হয় ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|