
প্ৰতীকী ফটো
ৰাজ্যিক কৰ্মচাৰীলৈ মুকলি কৰি দিয়া হ’ব বাকী থকা ৫০ শতাংশ ঘৰভাড়া। এইসম্পৰ্কে জাননী জাৰি কৰিছে ৰাজ্যৰ বিত্ত বিভাগে।
ৰাজ্যিক কৰ্মচাৰীলৈ সুখবৰ! অসম চৰকাৰে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ মুকলি কৰি দিয়া হ’ব বাকী থকা ৫০ শতাংশ ঘৰভাড়া। মঙলবাৰে ৰাজ্যিক কৰ্মচাৰীৰ ৩০ মাহৰ বকেয়া ঘৰভাড়া ভাত্তাৰ বাকী থকা ৫০ শতাংশ ধন মুকলি কৰি দিবলৈ সকলো বিভাগলৈ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে। উল্লেখযোগ্য যে সংশোধিত দৰমহা গাঁথনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীসকলে ২০১৬ চনৰ এক এপ্ৰিলৰ পৰা ২০১৮ চনৰ ৩০ ছেপ্তেম্বৰলৈ ঘৰভাড়া বানচৰ ৫০ শতাংশ বকেয়া ধন আদায় পাব লগা আছে। এইসম্পৰ্কত এতিয়া জাননী জাৰি কৰিছে ৰাজ্যৰ বিত্ত বিভাগে। চৰকাৰৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তক আদৰণী জনাইছে ৰাজ্যিক কৰ্মচাৰী পৰিষদে।
Published by:Dulu Medhi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|