ঐতিহ্যমণ্ডিত জোনাকীলৈ এক কোটি টকাৰ বিশেষ পেকেজ।
ঐতিহ্যমণ্ডিত জোনাকীলৈ এক কোটি টকাৰ বিশেষ পেকেজ।
অসমৰ চলচ্চিত্ৰ জগতলৈ আন এক অভিলাষী আঁচনিৰ শুভাৰম্ভ। পুৰণি ছবিঘৰ পুনৰ নিৰ্মাণ আৰু নতুন ছবিঘৰ নিৰ্মাণৰ বাবে প্ৰদান ৰাজসাহায্য। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে, অভিনেতা যতীন বৰা, আশা বৰদলৈ, প্ৰাঞ্জনা দত্ত, শান্তা উজিৰ, ভূপেন উজিৰ, মালবিকা বৰা, মৃদুলা বৰুৱাকে ধৰি ছবিজগতৰ বহু বিশিষ্ট ব্যক্তি। ৰাজ্যৰ কেইবাটাও ছবি গৃহলৈ সাহায্য আগবঢ়ালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
ঐতিহ্যমণ্ডিত জোনাকীলৈ এক কোটি টকাৰ বিশেষ পেকেজ। মুঠ পাঁচটা পুৰণি হললৈ আৰ্থিক সাহায্য। তিনিটা শিতানত আৰ্থিক সাহায্য প্ৰদান। নতুন হলৰ ক্ষেত্ৰত খৰছৰ ২৫% অথবা ঊৰ্ধ্বতম ৭৫ লাখ টকাৰ সাহায্য। পুৰণি হলৰ মেৰামতিৰ বাবদ ২৫ লাখ টকাৰ সাহায্য। বন্ধ হৈ থকা হল পুনৰ মুকলিৰ বাবে ৫০ লাখ টকাৰ সাহায্য।
আজিৰ অনুষ্ঠানৰ পিছত ৰাজ্যেৰ দহটা হললৈ ধনৰ ৪০% মোকলাই দিয়া হৈছে। হলকেইটা ক্ৰমে জোনাকী, কেলভিন, জলীমেক্স, ছায়া, পি জি এণ্টাৰপ্ৰাইজৰ দ্বাৰা নিৰ্মিত হল, ইন্দ্ৰপুৰী, অনুৰাধা, নক্ষত্ৰ, মায়াপুৰী আৰু নাজিৰা বোলছবি।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|